অসম

মাটিয়াত পথ অৱৰোধ কাৰ্যসূচী

প্ৰথম খবৰ, মাটিয়া: বজৰংগ দল মাটিয়া সমিতিৰ উদ্যোগত আজি মাটিয়া-গোৱালপাৰা সংযোগী পথত পথ অৱৰোধ কাৰ্যসূচী পালন কৰে। মাটিয়াৰ ছাত্ৰ ৰফিকুল ইছলামৰ হত্যাকাণ্ডত জড়িত কৰি দুজন লোকক আটক কৰি হাজোতলৈ প্ৰেৰণ কৰিছে। উক্ত দুয়োজনক মুক্তি দিয়াৰ দাবীত এই কাৰ্যসূচী পালন কৰে । আটকাধীন লোক দুজন  হ’ল অজিত কলিতা আৰু ভৈৰৱ কলিতা। তেওঁলোক নিৰ্দোষী বুলি ৰাইজে কোৱাৰ লগতে মুক্তি দিয়াৰ দাবীত এখনি স্মাৰকপত্ৰ জিলা প্ৰশাসনক প্ৰদান কৰে।

Related Articles

Leave a Reply

Close