অসম

মাৰ্ঘেৰিটা কলেজ কাণ্ড, আছুৱে বিচাৰিলে অৱসৰপ্ৰাপ্ত ন্যায়াধীক্ষৰ দ্বাৰা তদন্ত

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ: মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা লংকাকাণ্ডৰ পাছত আজি ষষ্ঠ দিনা মাৰ্ঘেৰিটাত আহি উপস্থিত হয়হি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দিপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্ব এটি প্ৰতিনিধি দল। দলটোৱে মাৰ্ঘেৰিটা কলেজৰ সমগ্র ঘটনাৱলীৰ বুজ লোৱাৰ লগতে আৰক্ষীৰ নিৰ্বিবিচাৰ লাঠি চালনাত আহত ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ খবৰ লয়। পাছত মাৰ্ঘেৰিটা দিহিং গেষ্ট হাউচত সাংবাদিকৰ আগত সমগ্র ঘটনাৰ তদন্ত অৱসৰপ্ৰাপ্ত ন্যায়াধীক্ষৰ দ্বাৰা কৰাৰ দাবী জনায়। আছুৰ সভাপতি দিপাংকৰ নাথে অসমৰ ইতিহাসত এনে ধৰণৰ ঘটনা কেতিয়াও ঘটা নাই বুলি মত প্ৰকাশ কৰি নিজ সন্তান সম ছাত্ৰ -ছাত্ৰীৰ ওপৰত অধ্যক্ষ ডঃ বুধিন গগৈয়ে আৰক্ষী নমাই দি যি নিৰ্মম অত্যাচাৰ চলালে সেইয়া অসম আন্দোলন আৰু হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আছু কৰ্মীৰ ওপৰত হৈছিল বুলি প্ৰকাশ কৰি বৰ্তমান সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত মাৰ্ঘেৰিটাত তেনে অত্যাচাৰৰ ঘটনা সংঘটিত হ’ল বুলি কয়। নাথে আছুৱে এনে দমন নীতিক কেৰেপ নকৰে বুলি বুলি উল্লেখ কৰি এখন চৰকাৰ থকা অৱস্থাত এইদৰে কাৰ নিদেৰ্শত ছাত্ৰ -ছাত্ৰীৰ ওপৰত নিৰ্মম লাঠিচালনা আৰু মহিলা আৰক্ষী নথকাকৈ ছাত্ৰীৰ ওপৰত লাঠিচালনা আৰু ৰবৰ গুলি নিশেপ কৰা হ’ল, এই কাৰ্যত কোন কোন জড়িত এইয়া সকলো তদন্ত হ’ব লাগে আৰু তদন্তৰ আওতালৈ অনাৰ স্বাৰ্থত অধ্যক্ষ বুধিন গগৈক বখাস্ত কৰিবলৈ দাবী জনায় আৰু অধ্যক্ষ পৰিষদৰ পৰাওঁ তেওঁক নিলম্বন কৰিবলৈ আহ্বান জনাই সংশ্লিষ্ট পক্ষক । একাংশ ছাত্ৰ -ছাত্ৰীক একাংশ প্ৰবক্তাই দৈনিক মানসিক নিৰ্যাতন চলাই অহাৰ কথা প্ৰকাশ কৰি শিক্ষক সকলৰ এনে মানসিকতাত আশ্বৰ্য প্ৰকাশ কৰি নাথে এনে কাৰ্য্যৰ বিৰত থাকিবলৈ সকীয়াই দিয়ে। আছু নেতা গৰাকীয়ে উক্ত দিনা ছাত্ৰ -ছাত্ৰী সকলৰ ওপৰত চলোৱা অত্যাচাৰ পূৰ্ব পৰিকল্পিত আছিল আৰু সেই বাবেই পুৱাৰে পৰা ডেৰ শতাধিক আৰক্ষী কৰ্মীক মজুত ৰখা বুলি কয়।

অন্যহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ফেচিষ্ট একনায়কত্ববাদী চৰিত্ৰৰ অধ্যক্ষ গৰাকীৰ কাণ্ডৰ ন্যায় ছাত্ৰ -ছাত্ৰী সকলে পাবই লাগিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰি তেওঁ অধ্যক্ষ গৰাকীয়ে অভিস্ত সিদ্ধিৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্ম্মাক তৈল মৰ্দন কৰাৰ স্বাৰ্থত পদলেহনকাৰী ভূমিকাৰে মহাবিদ্যালয় খনত লেতেৰা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰা বুলি কয়। আছুৱে এই ঘটনাৰ উচিত ন্যায় নহলে সমগ্র অসম জুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে, জিলা প্ৰশাসনে সমগ্র ঘটনাৰ ন্যায়াধীক্ষ তদন্ত ঘোষণা কৰিছে। আৰু ৩ অক্টোবৰত এই তদন্ত সম্পূণ হ’ব।

 

Related Articles

Leave a Reply

Close