অসম

মেৰাপানীত বিজেপি কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত কংগ্ৰেছ কৰ্মী

মেৰাপানীৰ পৰা দিপু মেচ, প্ৰথম খবৰ: অটল অমৃত যোজনাৰ কাৰ্ড বিতৰণক কেন্দ্ৰ কৰি শুক্ৰবাৰে উত্তপ্ত হৈ পৰে গোলাঘাট জিলাৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদ। হিতাধিকাৰীৰ মাজত কাৰ্ড বিতৰণৰ সময়ত ব্যাপক ৰাজনীতিকৰণ হোৱাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় বিজেপি আৰু কংগ্ৰেছ দলৰ সমৰ্থকৰ মাজত। একাংশ উন্মত্ত বিজেপি কৰ্মীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হ’ব লগাত পৰে জিয়াউল হক নামৰ এজন কংগ্ৰেছ কৰ্মী।

অভিযোগ অনুসৰি কাৰ্ড বিতৰণৰ বাবে নিৰপেক্ষ স্থানত অস্থায়ী কাৰ্যালয় স্থাপন কৰাৰ পৰিৱৰ্তে বিজেপি কৰ্মীসকলে বলপূৰ্বকভাৱে নিজাববিয়াকৈ কাৰ্যালয় স্থাপন কৰি লৈছিল। সেই কথাত ক্ষুণ্ণহৈ অঞ্চলটোৰ কংগ্ৰেছ কৰ্মীসকলে অনতিপলমে কাৰ্ড বিতৰণ প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল উৰ্ধতম কৰ্তৃপক্ষক। কিন্তু সেইসময়তে অভিযোগকাৰী কংগ্ৰেছ কৰ্মীসকলক উণ্ণয়ন খণ্ডৰ কাৰ্যালয় চৌহদতে আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি কৰ্মীসকলে।

কাঠ বাঁহৰ লাঠী লৈ আক্ৰমণ কৰাৰ ফলত জিয়াউল হক নামৰ এজন কৰ্মীৰ মুৰ পৰ্যন্ত ফাটি যায়। পাছত আহত জিয়াউল হকক ৰক্তাক্ত অৱস্থাত মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় যদিও আঘাত গুৰুতৰ হোৱালৈ চাই গোলাঘাট সদৰলৈ প্ৰেৰণ কৰা হয় ।

 

Related Articles

Leave a Reply

Close