অসম

মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনত সোণোৱাল কছাৰী যুৱ মঞ্চৰ সংবাদ মেল

প্ৰথম খবৰ, খোৱাং: ৰাজ্য চৰকাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি নকৰে তেন্তে পঞ্চায়ত নিৰ্বাচনত সোনোৱাল কছাৰী অধ্যুষিত অঞ্চলত কোনো ৰাজনৈতিক দলে প্ৰৱেশ কৰিব নোৱাৰিব বুলি সংবাদ মেলৰ যোগেদি হুংকাৰ দিছে সোণোৱাল কছাৰী যুৱ মঞ্চ অসমে। ইয়াৰ উপৰিও দীপুৰঞ্জণ মাক্ৰাৰীৰ নেতৃত্বাধীন সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কোটি টকীয়া টিনপাত কেলেংকাৰী তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা পিছতো উক্ত বিষয়টো ওপৰত তদন্ত কৰা পৰিলক্ষিত নহল বুলি উল্লেখ কৰি তথাকথিত নেতা সকলক সুৰক্ষা প্ৰদান কৰা দেখা গৈছে বুলি যুৱ মঞ্চই অভিযোগ তুলিছে।

তাৰোপৰি যি বিলাক অনা সোনোৱাল লোকে সোনোৱাল কছাৰী বুলি ভুৱা জনজাতি প্ৰমাণ পত্ৰ লৈ সুবিধা আদায় কৰি আছে সেই সকল লোকক অতি সোনকালে উক্ত প্ৰমাণ পত্ৰ সমূহ ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান জনাইছে সোনোৱাল কছাৰী যুৱ মঞ্চ অসমে।

Related Articles

Leave a Reply

Close