অসম

লিডুত ৰে’ল বিভাগৰ উচ্ছেদ অভিযানকলৈ উত্তেজনা

প্ৰথম খবৰ, লিডু: আজি পুৱাৰে পৰা তিনিচুকীয়া জিলাৰ লিডু অঞ্চলত কেইবাঘণ্টা ধৰি বিৰাজ কৰে যুদ্ধ সদৃশ পৰিৱেশ। বৰ্তমানেও অব্যাহত আছে সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনা। ৰে’ল বিভাগৰ উচ্ছেদ অভিযানক লৈয়ে এই উত্তেজনা। ৰে’লৱেৰ মাটিত সুদীৰ্ঘ বছৰে বসবাস কৰা তথা ব্যৱসায়িক প্ৰতিষ্ঠান খুলি জীৱিকা নিৰ্বাহ কৰা ১৭৪ টা পৰিয়াললৈ আহিছিল এই উচ্ছেদ জাননী।

আজি পুৱাৰে পৰা ৰে’ল আৰু আৰক্ষী বিভাগৰ এটা বৃহৎ বাহিনী আহি আৰম্ভ কৰে উচ্ছেদ অভিযান। কিন্তু ১০ টা মান বাঁহ টিন পাতৰ গৃহ ভাঙি উচ্ছেদ কৰাৰ পাছতে স্থগিত হয় উচ্ছেদ অভিযান । স্থানীয় বিধায়কৰ হস্তক্ষেপত আৰু মুখ্যমন্ত্ৰীৰ টেলিফোনিক নিদেৰ্শতে এই উচ্ছেদ অভিযান স্থগিত হোৱা বুলি জনাইছে মাৰ্ঘেৰিটা ব্লক মণ্ডল বিজেপিৰ সভাপতি ভৱেশ দত্তই।

অৱশ্যে এই উচ্ছেদ অভিযানত উচ্ছেদিত হোৱা পৰিয়ালৰ লগতে একাংশ ৰাইজ ৰে’ল বিভাগৰ আৰু অসম চৰকাৰৰ এনে দুমুখীয়া নীতিকলৈ ক্ষুব্ধ হৈ পৰে আৰু অৱৰোধ কৰে ৰে’ল ষ্টেচনৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ। ক্ষুব্ধ ৰাইজে দুখীয়া পৰিয়ালৰ ঘৰ ভঙাৰ পাছত পকী ঘৰ ভঙাৰ পূৰ্বে উচ্ছেদ অভিযান স্থগিত হোৱাকলৈ উত্তেজিত হৈ পৰে। একাংশ ৰাইজে প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈ জিন্দাবাদ ধ্বনি দিয়াৰ বিপৰীতে বৰ্তমানৰ চৰকাৰ আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্ম্মাৰ বিৰুদ্ধে ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে, সুদীৰ্ঘ বছৰৰ পৰা এই বেদখলকাৰী সকলৰ বিৰুদ্ধে ৰে’ল বিভাগে উচ্ছেদৰ জাননী দি আহিছে । কিন্তু সেই সময়ৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ হস্তক্ষেপত এই উচ্ছেদ অভিযান প্ৰায়ে স্থগিত হৈছিল বুলি একাংশই মত প্ৰকাশ কৰিছে ।

Related Articles

Leave a Reply

Close