অসম

লীলাবাৰী বিমান বন্দৰৰ হিন্দী পষেকৰ সামৰণী

প্ৰথম খবৰ, লখিমপুৰঃ লখিমপুৰৰ লীলাবাৰী বিমান পট্টন প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত হিন্দী পষেকৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি বিমানবন্দৰৰ সভাকক্ষত অনু্ষ্ঠিত সভাত বিমান বন্দৰ সঞ্চালক ডব্লিউ.এ. আনচাৰী, লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উপ সভাপতি জ্যেষ্ঠ সাংবাদিক দেবেন্দ্ৰ কুমাৰ পাণ্ডেয়, লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দিলীপ কুমাৰ ঝা, বিমান বন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰী বি.কে. পাণ্ডেয় আদিয়ে ৰাষ্ট্ৰভাষাটোৰ উত্তৰণ আৰু গুৰুত্ব উপলব্ধি কৰি হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ সন্দৰ্ভত বক্তব্য ৰাখে।

লীলাবাৰী বিমানপট্টন প্ৰাধীকৰণৰ পৰিচালক (এ.আই.চি.) তথা হিন্দী নডেল বিষয়া প্ৰমোদ কুমাৰে আঁত ধৰা সভাখনত ১৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা হিন্দী পষেকৰ বিভিন্ন প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক নগদ ধনেৰে পুৰষ্কৃত কৰা হয়।

Related Articles

Leave a Reply

Close