অসমবানপানী ২০১৭

শোণিতপুৰত ভয়াৱহ বান

প্ৰথম খবৰ, বালিপৰা: আবতৰীয়া বানৰ কবলত শোণিতপুৰৰ বালিপৰা আৰু চাৰিদুৱাৰৰ ৪০ খনৰো অধিক গাঁও। চুবুৰীয়া অৰুণাচল প্ৰদেশত স্লুইচ গেট ভঙাৰ ফলত চাৰিদুৱাৰৰ ঔহলা গাঁও, ভোবোলা গাঁও,বগীজুলি, গড়মৰা, চাৰিদুৱাৰ অসম ৰাইফলছৰ কেম্প, চাৰিদুৱাৰ আৰক্ষী থানা, বালিপৰা চেন্টাৰ, বালিপৰাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বালিপৰাৰ দীঘলী গাঁও, কমাৰী গাঁও, বালিগাঁও, এৰাগাঁও, বামগাঁওকে আদি কৰি কেইবাটাও অঞ্চলৰ ৰাইজ জৰাসৰ আৰু মানশিৰি নৈৰ ভয়াৱহ বানৰ কবলত।

বালিপৰা প্ৰাথমিক চিকিৎসালয়ত প্ৰসূতি মাতৃসহ আৱদ্ধ ৬ টাকৈ নৱজাজতকক বালিপৰাৰ আছু, সাংবাদিক, আৰক্ষী, চি আৰ পি এফে উদ্ধাৰ কৰে ।একেদৰে, ঠায়ে ঠায়ে এডিঙিলৈকে পানী হোৱাত ৰাইজে ঘৰৰ মূধচত গছত উঠি প্ৰাণ ৰক্ষা কৰাৰ চেষ্টা কৰে।

Related Articles

Leave a Reply

Close