অসম

শ্ৰীৰামপুৰত ছিঙি পৰিল বিদ্যুৎ পৰিবাহী তাঁৰ, বহু সামগ্ৰী নষ্ট

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: গোসাঁইগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত আৰ এ চি ফিডাৰ সংযোগী বৃহত্তৰ অঞ্চলৰ উৱলি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰে বিপদৰ সম্ভাবনা কঢ়িয়াই আনিছে। যি কোনো ঠাইত উৱলি যোৱা তাঁৰ ছিঙি দুৰ্ঘটনা ঘটাৰ আশংকা দেখা দিয়া সময়ত আজি বিয়লি পাঁচমান বজাত শ্ৰীৰামপুৰ কলনীৰ মাজেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ দুডাল হঠাতে ছিঙি পথৰ ওপৰত পৰাত ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয়। তাঁৰ ছিঙি পৰা সময়ত পথটোত কোনো মানুহ নথকা বাবে ভাগ্য ক্ৰমে কোনো প্ৰাণহানি হোৱা নাই যদিও গাঁওখনৰ বহুতৰে টিভি, ফ্ৰিজ, ইনভাৰ্টাৰ আদি বৈদুত্যিক সামগ্ৰীৰ ক্ষতি হোৱা বুলি জনাইছে ক্ষতিগ্ৰস্ত লোকে।

আওঁপুৰণি আন্তঃগাঁথনি তথা উৱলি যোৱা বিদ্যুতৰ তাঁৰে যিকোনো সময়ত মাৰাত্মক বিপদ ঘটাব পাৰে বুলিও ৰাইজে আশংকা ব্যক্ত কৰিছে। প্ৰায় ৩০-৩৫ বছৰ পূৰ্বে সংযোগ কৰা তাঁৰ মাজে সময়ে ছিঙি পৰে যদিও নতুন তাঁৰ যোগান ধৰাৰ বিপৰীতে পুৰনি তাঁৰ বোৰকে জোৰা টাপলি মাৰি থকাত অঘটনৰ আশংকা অধিক হৈ পৰিছে বুলি কয় অঞ্চলটোৰ ৰাইজে।

ইপিনে বিদ্যুতৰ অনিয়মীয়া যোগানত জ্বলা-কলা খোৱা ৰাইজে এতিয়া দুৰ্ঘটনাৰ আশংকাত ভুগিব লগা হৈছে। ৰাইজৰ এই আশংকা দূৰীকৰণৰ বাবে গোসাঁইগাঁও বিদ্যুৎ উপসংমণ্ডলৰ অভিযন্তাৰ কোনো ভ্ৰূক্ষেপ নাই বুলি ৰাইজে অভিযোগ কৰিছে।

Related Articles

Leave a Reply

Close