অসম

সংখ্যালঘু এলেকাতে মুখ থেকেচা খালে আমছুৱে, আছুৰ দখলত ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

প্ৰথম খবৰ,ৰূপহীহাট: মাহজোৰা প্ৰস্তুতি আৰু উৎকণ্ঠাৰ অন্ত পেলাই আজি সমাপ্ত হল নগাঁৱৰ ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ উল্লেখনীয়ভাৱে ১৫ জনীয়া একতা সভাৰ কেইবাগৰাকীও প্ৰাৰ্থীক আমছুৱে সমৰ্থন জনাই প্ৰচাৰ চলাই আছিল কিন্তু বেয়াকৈ মূখা থেকেচা খালে সংখ্যালঘূ সংগঠনটোৱে। বিপৰীতে ছাত্ৰ সমৰ্থিত প্ৰাৰ্থীৰেই বৃহৎ জয় হোৱা দেখা গ’ল।

সভাপতি আৰিফ আহমেদ ৬২৭ ভোটৰে আলাল উদ্দিনক ৫৪ ত, সাধাৰণ সম্পাদক পদত শ্বৰিফুল ইছলামে ৬৮৪ ভোটেৰে আমছু সমৰ্থিত ইজাজ আহমেদক ১৫২ ভোটত পৰাস্ত কৰে ৷ লগতে ফলাফল অনুযায়ী ইনডোৰ গেমছত শ্বাহিদুল ইছলাম, আলোচনী বিভাগত বিল্লাল উদ্দিন, তৰ্ক আৰু সাংস্কৃতিক বিভাগত দিলদাৰ হুছেইন, সমাজ সেৱা বিভাগত শ্বহিদুল ইছলাম, দুখীয়া নিধি বিভাগত ইমামুল হক, ছোৱালী জিৰণী কোঠাত পদত তানজুমা ইয়াছমিন আৰু লৰা জিৰণী কোঠা সম্পাদক পদত আশ্বিকুৰ ৰহমান বিজয়ী হিচাপে নিৰ্বাচিত হৈছে ৷

ইফালে উপ সভাপতি পদত আনোৱাৰ হুছেইন,সহ সম্পাদক পদত মাইনুল হক,সাংস্কৃতিক বিভাগৰ সহ সম্পাদক পদত ৰণজিত মণ্ডল, সংগীত আৰু নাটক বিভাগৰ পদত ছাদ্দাম হুছেইন, এন এছ এছ পদত শ্বৰীফত আলী আৰু আউটডোৰ গেমছত আজিজুল হক বিনা প্ৰতিদ্ধন্ধিতাৰে নিৰ্বাচিত হৈছে ৷ উল্লেখ্য যে সংখ্যালঘূ অধ্যুষিত অঞ্চলৰ মহাবিদ্যালয়তেই আমছুৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয়ে প্ৰকৃততে বৰ্তমান প্ৰজন্মই গুৰুত্ব নিদিয়াটোকেই সূচোৱা বুলি ব্যাপক চৰ্চা লাভ কৰিছে ৷

Related Articles

Leave a Reply

Close