অসম

সম্প্ৰীতিৰ নিদৰ্শনৰে জুৰীয়াৰ সুঁতিৰপাৰত ৬৮ বছৰে আয়োজন দুৰ্গোৎসৱ  

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: যি সময়ত হিন্দুয়ে মুছলমানৰ মাজত আৰু মুছলমান হিন্দুৰ মাজত সুৰক্ষিত হোৱা- নোহোৱাৰ অভিযোগ-প্ৰতি অভিযোগে ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে। সেই সময়ত জুৰীয়াৰ এক ভিতৰুৱা অঞ্চলৰ এটা দুৰ্গা পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জুৰীয়াৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ সুতিৰপাৰ সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ব্যাপক আয়োজনেৰে এইবাৰো অনুষ্ঠিত হৈছে দুৰ্গোৎসৱ। ১৯৪৮ চনৰ পৰা এই দুৰ্গোৎসৱ সমিতিয়ে হিন্দু- মুছলমানৰ সমন্বয়স্থলী সুঁতিৰপাৰত আয়োজন কৰি আহিছে দুৰ্গোৎসৱ।

জানিব পৰা  মতে, জুৰীয়াৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ সুঁতিৰপাৰকে ধৰি দুখন গাঁও হিন্দু বসতি প্ৰধান গাঁও। এই গাঁওখনতে এক সমন্বয়ৰ নিদৰ্শন দাঙি ধৰি বিগত ৬৯ বছৰে শান্তি- সম্প্ৰীতিৰে দুৰ্গা পূজা উদযাপিত হৈ আহিছে। এই উৎসৱ উদযাপনৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ একাংশ মুছনমান লোকেও সহায় -সহযোগিতা কৰি অহাৰ উপৰিও বাৰেৰহনীয়া দুৰ্গা পূজাৰ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহন কৰি আহিছে।

আজি পৰ্যন্ত কোনো বিভেদকামী শক্তিয়ে স্পৰ্শ কৰিবলৈ সক্ষম নোহোৱা এই অঞ্চলটোত উভয় সম্প্ৰদায়ৰ সম্প্ৰীতিত।  বিভিন্ন ধৰ্মীয় উৎসৱ পাৰ্বন মিলাপ্ৰীতিৰে উদযাপন কৰি এক শুভ বাৰ্তা বহন কৰি আহিছে এই অঞ্চলটোৱে। উল্লেখ্য যে কিছুদিন পূৰ্বে এই গাঁওখনতে ইছলাম ধৰ্মালম্বী লোকৰ এক অন্যতম উৎসৱ ফাতেহা-দোৱাজ- দহম উপলক্ষে আয়োজিত এক সভাত উভয় সম্প্ৰদায়ৰ কেইগৰাকী বিশিষ্ট লোক উপস্থিতি আছিল। ইয়াৰ ভিতৰত অন্যতম আছিল ৰিতু বড়ো, সুব্ৰত ঘোষ, অকন বৰদলৈ, জাকিৰ হুছেইন ফৰাজী, লোৎফুৰ ৰহমান আদি অন্যতম।

একে উদ্যমৰে পালন কৰা অঞ্চলটোৰ দুৰ্গোৎসৱে এক উলহ মালহ পৰিৱেশৰ সৃষ্টি কৰি ৰাজ্যৰ সমাজ জীৱনলৈ শান্তি-সম্প্ৰীতিৰ বাৰ্তা বহন কৰি এক নিদৰ্শন দাঙি ধৰিছে।

Related Articles

Leave a Reply

Close