অসম

সোণাপুৰ আৰক্ষীৰ বৃহৎ সাফল্য

সোণাপুৰৰ পৰা দীপক ডেকা, প্ৰথম খবৰ: সোণাপুৰ আৰক্ষীৰ জালত দুই গভাই চোৰ৷ উদ্ধাৰ এখন পালচাৰ বাইক৷ মহানগৰীৰ সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষীৰ মূৰৰ কামোৰ সৃষ্টি কৰি আহিছে এই দুই গভাইত চোৰে৷ বিভিন্ন সময়ত বাইক, চাৰি চকীয়া বাহন চুৰি কাৰ্যৰে সমগ্ৰ অঞ্চলটিত ত্ৰাসৰ সৃষ্টি কৰি আহিছে৷

প্ৰশান্ত পাটৰ(৪০) সোণাপুৰ উৰলত ঘৰ আৰু প্ৰণৱ ডেকা(৩৫) ৰৌতা মেৰবিল ওদালগুৰিত ঘৰ৷ AS-01-BP-1129 নম্বৰৰ পালচাৰ ১৮০ বাইকখন সোণাপুৰৰ জিলা চিকিৎসালয়ৰ চৌহৰ পৰা পুৱা চাৰি বজাত ৰোগীৰ খবৰ ল’ব অহা এজন যুৱকে ৰখাই থোৱাৰ অৱস্থাত বাইক লৈ উধাও হৈছিল যোৱা কালি৷ আৰু সোণাপুৰ আৰক্ষীয়ে অভিযান চলাই ডিমাপুৰত আৰক্ষীৰ সহায়ত দুই চোৰক জাল পেলাবলৈ সক্ষম হোৱাৰ বিপৰীতে বাইকখন উদ্ধাৰ হয়৷

Related Articles

Leave a Reply

Close