অসম

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰীৰ গাত শনি লম্ভিছে, শনিৰ কোপ দৃষ্টিৰ পৰা পৰিত্ৰান বিচাৰি নামঘৰত শৰাই দিবলৈ আহ্বান মহিলাক

প্ৰথম খবৰ, বৰগাং: অসমীয়া বছৰৰ বাৰটা মাহৰ ভিতৰত ভাদ মাহটো হ’ল পবিত্ৰ মাহ৷ এই মাহতেই জন্ম হৈছিল মহাপুৰুষ সকল৷ এতিয়া ৰাজ্যৰ নামঘৰে- নামঘৰে চলি আছে আই-মাতৃ সকলৰ নাম-কীৰ্তন। বৰ্ণাঢ্য অসমীয়া সংস্কৃতি, ৰীতি-নীতি পৰম্পৰা মতে ভাদ মাহৰ শেষত অসমীয়া মহিলা সকলে নাম সামৰণি কাৰ্যসূচী সম্পন্ন কৰে৷ এই দিনটোতে ৰাজ্যৰ পৰিবৰ্তনকামী জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে অতি শেহতীয়াভাৱে ৰাজ্যৰ বৌদ্ধিক মহলৰ উপৰিও জাতীয়তাবাদী দল-সংগঠন তথা অসমীয়া জনতাই চৰকাৰৰ প্ৰতিটো কামক অসমীয়া বিৰোধী আখ্যাৰে আখ্যায়িত কৰি আহিছে৷

সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিটো জাতীয়তাবাদী সংগঠনে সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰতিটো কাম অসমীয়া জাতি ধ্বংসকাৰী কাম কৰা বুলি অভিযোগ কৰি ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ৷ যাৰ বাবে সৰ্বানন্দ সোনোৱাল চৰকাৰখন চিন্তিত হৈ পৰিছে৷ বাংলাদেশীৰ হিন্দু ধৰ্মৰ নাগৰিকক ভাৰতীয় নাগৰিকত্ব বিধেয়ক সংশোধন কৰি অসমত সংস্থাপিত কৰা, নামনি সোৱনশিৰি জল বিদ্যুত প্ৰকল্প, মূল্য বৃদ্ধি, বিমূদ্ৰাকৰণ,থলুৱা উচ্ছেদ, চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড, পণ্ডিত দীন দয়াল উপাধ্যায় মহাবিদ্যালয়কে ধৰি বহু কেইটা বিষয়ত বৰ্তমানৰ চৰকাৰখন অসমীয়া জনগণৰ প্ৰতিবাদত ক্ৰমাৎ অস্থিৰ হৈ পৰিছে ৷
আনহাতে বৰ্তমানৰ চৰকাৰ খনৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ সুৰক্ষিত ৰাজনৈতিক জীৱন-মন্ত্ৰীত্বৰ প্ৰতি অশনি সংকট ঘনীভূত হৈছে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি কোনো সময়ত সাল-সলনি কৰিব পাৰে মন্ত্ৰী সভা । যদি এইবেলি মন্ত্ৰী সভা গঠন কৰে তেন্তে বিহালীৰ মন্ত্ৰী-বিধায়ক ৰঞ্জিত দত্তৰ মন্ত্ৰীৰ অনুকূলে থাকেনে নেথাকে কোনো নিশ্চিয়তা নাই৷ যাৰ বাবে মহা চিন্তাত পৰিছে ৰঞ্জিত দত্ত৷ বিগত প্ৰায় দুটা বছৰ ধৰি আগে-পিছে বিশাল কনভয়লৈ দপদপাই অহা মন্ত্ৰী গৰাকীৰ যদি মন্ত্ৰীত্ব হেৰাই তেন্তে কি হ’ব গতি ৷ এতিয়া তাকলৈ মহা চিন্তাত পৰি কিংকৰ্তব্যবিমূঢ়হৈ পৰিছে মন্ত্ৰী দত্ত৷

এক প্ৰকাৰে বিগত কিছুদিন ধৰি মন্ত্ৰী দত্তক বিভিন্ন অপায়-অমংগল,আহুকালে লগ নেৰা হৈছে ৷ ইমানেই নহয় দূৰ্নীতিৰ মেৰপাচত সোমাই পৰিব লগা হৈছে৷ যাৰ ফলত মন্ত্ৰী সভা সাল-সলনি হ’লেই হেৰাৱ পাৰে কেবিনেট মন্ত্ৰীত্বৰ পদবী৷ এনে ঘোৰ আশংকাত পৰি মন্ত্ৰী ৰঞ্জিত দত্তই গৃহ সমষ্টি ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ নামঘৰে-নামঘৰে পবিত্ৰ ভাদ মাহত মন্ত্ৰী গৰাকীৰ লগতে সৰ্বা চৰকাৰ খনৰ কুশল-মংগল কামনা কৰি অসূয়া দূৰ হ’বলৈ অদৃষ্ট জনৰ চৰণত শৰাই শলিতা দিৱলৈ মন্ত্ৰী দত্তই আহ্বান জনাইছে আয়তী সকলক ৷

এক বিশেষ সূত্ৰে জানিব পৰামতে শেহতীয়াভাৱে বিহালীৰ মন্ত্ৰী বিধায়াক দত্তই বিহালীৰ প্ৰতিটো নামঘৰত পবিত্ৰ মাহ ভাদ মাহত শৰাই শলিতা দিৱলৈ মহিলা সমাজক ২ হেজাৰ টকাকৈ ধন প্ৰদান কৰা বুলি জানিব পৰা গৈছে৷ মন্ত্ৰীগৰাকীয়ে অলপতে তেওঁৰ বাসগৃহলৈ সমষ্টিটোৰ একাংশ প্ৰতিনিধি মাতি তেওঁলোকৰ মাধ্যমৰ মাজেদি প্ৰতিটো নামঘৰত ইতিমধ্যে নাম-কীৰ্তন লোৱা মহিলা সমাজক ভাদ মাহৰ ভিতৰত মন্ত্ৰী দত্তৰ মংগলৰ বাবে মহা আড়ম্বৰপূৰ্ণভাৱে এভাগ শৰাই দিৱলৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মন্ত্ৰী দত্তৰ শেহতীয়া এই কৰ্মই এইটোকে প্ৰমান কৰিছে যে মন্ত্ৰী দত্তই মন্ত্ৰীত্ব হেৰোৱাৰ আংশকাত পৰি অৱশেষত জীৱ জগতৰ আশীৰ্বাদদাতা তথা পালন কৰ্তাৰ চৰণ চাপিছে ৷

উল্লেখ্য যে, বিগত ১ ছেপ্তেম্বৰ তাৰিখে বিহালী সমষ্টিৰ ৰতোৱাস্থিত পণ্ডিত দীন দয়াল উপাধ্যায় মহাবিদ্যালয় উদ্বোধনী কাৰ্যসূচী অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৰাজহুৱা ভাষণ প্ৰদানৰ সময়তে বিহালী বাসীক উদ্যেশ কৰি আহ্বান জনাইছিল যে, বৰ্তমানৰ বিজেপি চৰকাৰ খনৰ কুশল-মংগল কামনাৰে সন্ধিয়া পৰত প্ৰতি বিহালীবাসীৰ পদুলিয়ে-পদুলিয়ে এগছি কেচাঁতেলৰ বন্তি জ্বলাবলৈ আহ্বান জনাইছিল। কিন্তু মন্ত্ৰী দত্তৰ সেই দিনাৰ আহ্বানক বিহালীৰ ৰাইজে আদৰণি নজনোৱাত পুনৰ অান এক মাধ্যমৰে বিজেপি চৰকাৰ আৰু মন্ত্ৰী দত্তৰ শিৰে-গায়ে বেয়াকৈ লম্ভা শণিৰ প্ৰকোপ মৰিষণ কৰিবলৈ চেষ্টা অৱ্যাহত ৰাখিছে। অৱশ্যে মন্ত্ৰী গৰাকীৰ এই পৰিকল্পনা-প্ৰচেষ্টাই কিমান দূৰ সফল কৰে সময়তহে পৰিষ্ফুটি হ’ব৷

Related Articles

Leave a Reply

Close