অসম

হাৱাজানত প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ গেছ বিতৰণ অনুষ্ঠান

প্ৰথম খবৰ, ধলপুৰ: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত হাৱাজানত আজি প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ অধিনত মহিলা হিতাধিকাৰিক ৰন্ধন গেছ বিতৰণ কৰা হয়। অৱসৰ প্ৰাপ্ত শিক্ষক মিনাৰাম শইকীয়াৰ সভাপতিত্বত হাৱাজান নাট্য মন্দীৰত অনুষ্ঠিত বিতৰণী সভাখনৰ আঁত ধৰে অগপ পূৱ কলাবাৰী আঞ্চলীক সমিতিৰ সভাপতি ধৰ্ম ভূঞাই।

পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য তথা অগপ যুৱ নেতা চন্দ্ৰকান্ত বৰাই বিশেষ তৎপৰতাৰে গ্ৰাম্য অঞ্চলৰ ৰাইজক “প্ৰধান মন্ত্ৰী উজ্বলা যোজনা” আঁচনিৰ বিষয়ে সজাগতা কৰি স্থানীয় ৰাইজক ৰন্ধন গেছ পোৱাৰ ক্ষেত্ৰত সহায় কৰি দিয়া বুলি হিতাধিকাৰী সকলে অৱগত কৰে ৷ আজি এই আঁচনিৰ অধিনত পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ মুঠ ৮০ গৰাকী হিতাধিকাৰীক ৰন্ধন গেছ প্ৰদান কৰা হয়৷

গেছ বিতৰণী অনুষ্ঠানটোত আঞ্চলিক সদস্য চন্দ্ৰকান্ত বৰা, পূৱ কলাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মণিষা দাস, উপ সভাপতি অনিল শইকীয়া, পঞ্চায়ত খনৰ সদস্য-সদস্যা ক্ৰমে মাটু দাস, প্ৰৱণ বৰুৱা, হিমানী বৰা, বীণা বৰুৱা, মনিকা কেওঁত, বুধেন বৰা, অগপ সক্ৰিয় কৰ্মী বিপুল ভূঞা, ৰঞ্জন মহন্ত, দেৱ বৰা, কনক বৰা, পলাশ শৰ্মা, ভবেশ শৰ্মা আদি কৰি ভালেসংখ্যক লোকৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close