অসম

২০ চেপ্তেম্বৰ উপলক্ষে গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত স্বচ্ছ অভিযান

নিউজ ডেস্ক, প্ৰথম খবৰ: গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত, মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাসৰ নেতৃত্বত আজি কনকলতা আদৰ্শ ছোৱালী হাইস্কুল, কনকলতা বালিকা প্ৰাথমিক বিদ্যালয়, মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰ্ণিংষ্টাৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু আসাম ৰাইফলৰ হেলেমস্থিত অসম ৰাইফলচৰ জোৱান সকলৰ সহযোগত শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকুন্দ কাকতীৰ সমাধিস্থলী পৰিষ্কাৰ কৰা হয়। তদুপৰি বৰঙাবাৰীৰ কনকলতা আৰু ধোপাবৰৰ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্ত্তিৰ চৌহদ দুটিও পৰিষ্কাৰ কৰা হয়।

 

গমিৰি ঘাট হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও সহযোগিতা আগবঢ়ায়। ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ধীৰাজ টাইড, মৰ্ণিং ষ্টাৰ হাইস্কুলৰ স্বত্বাধিকাৰী যাদৱ চলিহা আৰু বিদ্যালয় কেইখনৰ প্ৰধান সকল উপস্থিত থকা উক্ত কাৰ্যসূচীৰ পিছত সকলোৱে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ বৰঙাবাৰী আৰু ধোপাবৰৰ গৃহলৈও যায়।

Related Articles

Leave a Reply

Close