অসম

৩৬ ঘণ্টীয়া ৰাভাহাছং এলেকা বন্ধৰ বাৰ ঘণ্টা হ্ৰাস

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: ছয় ৰাভা জাতীয় সংগঠন ক্ৰমে ষষ্ঠ অনুসুচী দাবী সমিতি, নিখিল ৰাভা মহিলা পৰিষদ, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌৰাভা কৃষ্টি সন্মিলন আৰু নিখিল ৰাভা জাতীয় পৰিষদে যোৱা ১৬/৯/১৭ ইং তাৰিখে Assam State Capital Region Development Authority bill ৰ জৰিয়তে লৈ অহা ট্ৰাইবেল্ট বেল্ট আৰু ব্লকৰ লগতে ৰাভা হাছং এলেকাধীন কামৰূপ গ্ৰাম্য জিলাৰ ৩৭৮ খন ৰাজহ গাঁও ASCR Schedule areaত অন্তৰ্ভুক্ত কৰা আৰু এই গাঁওসমূহ অতি সোনকালে ASCR এ মুক্ত কৰি দিয়াৰ দাবীত ৩৬ ঘণ্টীয়া ৰাভা হাছং এলেকা বন্ধ আগন্তুক ঘোষণা কৰে।

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে আৰু ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি সন্মান জনাই আজি ষষ্ঠ অনুসুচী দাবী সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত লগতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ পৰামৰ্শ মতে প্ৰেছ বাৰ্তা যোগে কাইলৈৰ পৰা হ’বলগীয়া ৩৬ ঘণ্টীয়া বন্ধৰ পৰা ১২ ঘণ্টা বন্ধ হ্ৰাস কৰি ২০ ছেপ্তেম্বৰৰ বন্ধটো উঠাই লোৱা ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Close