অসম

ৰঙাপৰা মহাবিদ্যালয়ত নৱাগত আদৰণী সভাৰ আয়োজন

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ বৃহত্তৰ ৰঙাপৰা, বালিপৰা অঞ্চলৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাখন অহা ৯ ছেপ্তেম্বৰত মহাবিদ্যালয়ৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে অায়োজন কৰা হৈছে।মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিশ্ব বসুমতাৰীয়ে জানিবলৈ দিয়া অনুসৰি অনুষ্ঠানত অসমৰ বৈদ্যুতিন চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰাৰ লগতে ভালেসংখ্যক আমন্ত্ৰিত গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। নৱাগত আদৰণী সভাখনত সকলোৰে অংশগ্ৰহণ তথা সহযোগিতা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই কামনা কৰিছে।

Related Articles

Leave a Reply

Close