অসম

ৰাষ্ট্ৰীয় দললৈ নিৰ্বাচিত ফুটবল খেলুৱৈ নিখিল মিলিক দিখৌমুখত সম্বৰ্ধনা

দিখেৌমুখ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰঃ ৰাষ্ট্ৰীয় উত্তৰ পূৱ মণ্ডলৰ ফুটবল চেম্পিয়ন শ্বিপলৈ নিৰ্বাচিত হোৱা চাব জুনিয়ৰ ফুটবল দলত অন্তৰ্ভূক্ত হৈ আজি স্বগৃহলৈ অহা দিখৌমুখ তেলীয়াডোঙাৰ উদীয়মান ফুটবল খেলুৱৈ নিখিল মিলিক আজি দিখৌমুখ আঞ্চলিক টি এম পি কেৰ উদ্যোগত অনুস্থিত এক সম্বৰ্ধনা সভাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

উল্লেখ্য দিখৌমুখ বিশ্বজ্যোতি সংঘৰ নিয়মীয়া খেলুৱৈ নিখিলে চাব জুনিয়ৰ অসম দললৈ নিৰ্বাচিত হৈ যোৱা দুমাহ ধৰি গুৱাহাটীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল৷ মণিপুৰৰ ইম্ফলত সদ্যসমাপ্ত উত্তৰ পূৱ মণ্ডলৰ ফুটবল খেলত কেইবাখনো শক্তিশালী ৰাজ্যৰ দলক হৰুৱাই নৱেম্বৰত উত্তৰ ভাৰতত হ’ব লগা ৰাস্ট্ৰীয় উত্তৰ পূৱ মণ্ডল ফুটবল চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰা অসম চাব জুনিয়ৰ দলৰ ৭ নম্বৰ জাৰ্চিৰ খেলুৱৈ হিচাবে নিখিলে কৃতিত্ব লাভ কৰিছে৷

আজি তেলীয়াডোঙা পৰিদৰ্শন বঙলাত জিলা এম এম কেৰ সম্পাদক অঞ্জন টায়ে আঁত ধৰা আৰু মুনীন টায়েই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে বিশ্বজ্যোতি সংঘৰ সভাপতি বিনোৱা টায়ে, মুখ্য সংগঠক চৈতন্য নেওগ, ক্ৰীড়া সংগঠক ৰমেশ দত্ত, শিক্ষক প্ৰশান্ত দত্ত আৰু সমাজকৰ্মী মণিকান্ত দলে উপস্থিত থাকে৷ উক্ত সভাতে দিখৌমুখ আঞ্চলিক এম এম কেৰ সম্পাদক অপূৰ্ব টায়ে, দিখৌমুখ আঞ্চলিক টি এম পি কে, দিখৌমুখ আঞ্চলিক দৃৰবৃ কেবাঙ, আঞ্চলিক যুৱ পৰিষদ, দিখৌমুখ আছু, ১০৩ নং আমগুৰি এন এছ ইউ আই, ১ নং আলিমূৰ অটছুৰ কৃষ্টি সংঘ, তেলীয়াডোঙা মিলন জ্যোতি ক্লাৱ, জনমিৰি বৰগাঁও বিপ্লৱ জ্যোতি সংঘ, ২ নং আলিমূৰ আলোকজ্যোতি ক্লাৱ আদি কুৰিটাৰো অধিক স্থানীয় দল সংগঠনে নিখিল মিলিক সম্বৰ্ধনা জনোৱাৰ লগতে বিশ্বজ্যোতি সংঘৰ প্ৰশিক্ষক চৈতন্য নেওঁগ আৰু সভাপতি বিনোৱা টায়েকো মিচিং সংগঠনটোৰ তৰফৰ পৰা উস্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷

Related Articles

Leave a Reply

Close