
বৰপেটাৰোডৰ পৰা জয়ন্ত, প্ৰথম খবৰ: কৃষক নেতা অখিল গগৈয়ে আজি বৰপেটা জিলাৰ গোৱৰ্ধনাৰ সমীপৰ লক্ষ্মী চ’কৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মানাহ ৰাষ্ট্রীয় উদ্যান সংযোগী মুখ্য পথটো গৰাখহনীয়াই উটুৱাই নিয়াৰ পাছতো চৰকাৰে একো পদক্ষেপ গ্ৰহণ নকৰাত তেওঁ ক্ষোভ প্ৰকাশ কৰে।
তেওঁ কয়, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিজা সমষ্টিৰ আজি এই দুৰ্দশা হোৱাৰ পাছতো তেওঁ অঞ্চলটো এবাৰো পৰিদৰ্শন নকৰাটো আশ্চাৰ্য্যৰ কথা। চৰকাৰে এইক্ষেত্ৰত যদি এমাহৰ ভিতৰত কোনো পদক্ষেপ নকৰে তেতিয়াহ’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জলসম্পদ বিভাগৰ কাৰ্যালয় আৰু বিধায়ক দাসৰ ঘৰ ঘেৰাও কৰিব বুলি সকীয়াই দিয়ে।
গগৈৰ লগতে পৰিদৰ্শন কৰা দলটোত আছিল গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহান আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন।