কবিতা

বাউলী ৰাধাৰ প্ৰেম

ৰুস্তম গগৈ

তোমাৰ গৰখীয়াৰ গীতত
মোৰ ওঁঠত দুলিছিল
দুপৰীয়াটো।
নিজান দুপৰীয়া
বাঁহীৰ মাতত
ৰাধাৰ দৰে
বৃন্দাবন চলাথ কৰিছিলো,
মোৰ কানাইক বিচাৰি।
বাঁহীৰ মাতত
তোমাৰ দুষ্ট ওঁঠত
মোৰ মৌনতা
মোৰ অবুজ সৰলতা।
দেখা নেদেখাৰ
ছাঁত ৰৈ থকা তুমি
বাউলী ৰাধা
কানাই কানাই
ল’ৰি যায়
বৃন্দাবন ঘাট বিচাৰি।

Related Articles

Leave a Reply

Close