অসমশীৰ্ষ

সোণাৰিৰ লংপতীয়া মধ্য অসমীয়া বিদ্যালয়ত বিহাৰৰ শিক্ষক নিযুক্তি

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰ: সোণাৰিৰ লংপতীয়া মধ্য অসমীয়া বিদ্যালয়ত বিহাৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। উল্লেখ্য যে, বিহাৰৰ মুজাফাপুৰৰ মনিশ কুমাৰে ১৮ ছেপ্টেম্বৰত সাপেখাটী শিক্ষা খণ্ডৰ লংপতীয়া মধ্য অসমীয়া বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰিছিল।

শিৱসাগৰ মিনি কলনিত অস্থায়ীভাৱে বসবাস কৰা ৰাজ কিশোৰ সিঙৰ মৃত্যু হোৱাত পুত্ৰ মনিশ কুমাৰক অসম চৰকাৰৰ শিক্ষা বিভাগে পিতৃৰ চাকৰিৰ বিপৰীতে যোৱা ১২ ছেপ্টেম্বৰত অনুকম্পামূলকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰাত মনিশে ১৮ ছেপ্টেম্বৰত সোণাৰিৰ লংপতীয়াৰ এই বিদ্যালয়ত যোগদান কৰে।

অসমীয়া বিদ্যালয়ত এইদৰে অনা অসমীয়া লোকক শিক্ষক ৰূপে নিযুক্তি দিয়াত অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইফালে বিষয়টোৰ সন্দৰ্ভত চৰাইদেউ মহকুমা ছাত্ৰ সংন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনা অসমীয়া শিক্ষকজনক বিদ্যালয় ত্যাগ কৰিবলৈ সকীয়াই দিছে।

Related Articles

Leave a Reply

Close