অসম

বংগ সীমান্তত অৱৈধ চেকগেটত পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ পৰা প্ৰায় তিনি কিঃমিঃ দূৰত বংগৰ নাজিৰান দেউতিখাতাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ৯•০০ মান বজাত পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু হয়। উক্ত দুৰ্ঘটনাৰ বাবে তাত থকা বংগ চৰকাৰৰ পৰিবহন বিভাগৰ তালাচী চকীখনকে জগৰীয়া কৰি উত্তেজিত ৰাইজে দীৰ্ঘসময় ধৰি পথ অৱৰোধ কৰি উক্ত অবৈধ তালাচীখন উৎখাত কৰাৰ দাবী জনায়।

উল্লেখ্য যে, গনেশ দাসৰ পুত্ৰ তথা বাৰোভিছাত এখন দোকানৰ কৰ্মচাৰী প্ৰভাত দাস (১৫) নামৰ ল’ৰা জনে চাইকেলেৰে নাজিৰান দেউতিখাতাৰ পৰা বাৰভিছা অভিমুখে গৈ থকা সময়ত বংগৰ নাজিৰান দেউতিখাতাত থকা পৰিবহন তালাচী চকীৰ সন্মুখত এটি টেংকাৰ গাড়ীয়ে কিশোৰজনক মহটিয়াই নিয়ে। যাৰ ফলত কিশোৰজনৰ থিতাতেই মৃত্যু ঘটে।

উক্ত তালাচী চকীখনৰ কৰ্মচাৰী তথা একাংশ দালালে গাড়ীসমূহক ৰখাবলৈ পথৰ মাজত গতিৰোধক স্থাপন কৰি ৰখাত অসমৰ পৰা গৈ থকা টেংকাৰটোৱে গতিৰোধক থকা পথৰ সলনি বেলেগ দিশে যোৱাৰ চেষ্টা কৰে আৰু তেতিয়াই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীসকলে জনায়। ইয়াৰ পূৰ্বেও উক্ত তালাচী চকীত কেবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আজি স্থানীয় ৰাইজে উক্ত অবৈধ তালাচী চকীখন তুলি দিয়াৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

উত্তেজিত ৰাইজে পৰিবহন কাৰ্যালয় আৰু তাত থকা ওজন পৰিমাপক বিপণীসমূহত লণ্ডভণ্ড চলাই ব্যাপক ক্ষতিসাধন কৰে।ৰাইজৰ ৰুদ্ৰমূৰ্তি প্ৰত্যক্ষ কৰি পৰিবহন বিভাগৰ কৰ্মচাৰীকে ধৰি দালালসকলে পলাই পত্ৰং দিয়ে। প্ৰতিবাদকাৰীসকলে তালাচী চকীখন প্ৰত্যাহাৰ নকৰালৈকে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিব বুলিও আৰক্ষীক সকীয়াই দিছে। ফলত ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে। আৰু বাতৰি লিখা পৰলৈকে মৃতদেহটো ঘটনাস্থলীতে ৰাখি উত্তেজিত ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close