অসমশীৰ্ষ

ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ দায়িত্বহীনতাৰ বাবে আজি ঢকুৱাখনাৰ ২ নং হিলৈদাৰী গাঁৱত অঘটন

ঢকুৱাখনাৰ পৰা পাপু বৰুৱা, প্ৰথম খবৰ: ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ মৰণফান্দ। শনিবাৰে বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰি প্ৰাণ গ’ল এটি পশুধন। কথমপি ৰক্ষা এজন গৰখীয়াকে ধৰি শতাধিক পশুধনৰ। ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ দায়িত্বহীনতাৰ বাবে আজি ঢকুৱাখনাৰ ২ নং হিলৈদাৰী গাঁৱত ঘটিল হ’ল অঘটন।

গৰু চৰাবলৈ বুলি এজাক গৰু পথাৰলৈ উলিয়াই নিওতেই গাঁওখনৰ মাজমজিয়াত অৰ্থাৎ ঢকুৱাখনা মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথত বিদ্যুৎ চিগি থকা তাঁৰত লাগি এজনী গাইৰ মৃত্যু হয়। কিন্তু কথমপি ৰক্ষা পৰে গৰু চৰাবলৈ যোৱা লোকজনৰ লগতে শতাধিক পশুধন।

গাই জনী আছিল গাঁওখনৰ উত্তম গগৈ নামৰ এজন লোকৰ । বিভাগে এইদৰে দুৰ্বল তাঁৰেৰে বিদ্যুৎ সংযোগ কৰা বাবে ঘটিল হৈছে এই অঘটন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শক্তি বিভাগৰ মৰণফান্দত পৰি ইতিমধ্যে বহু লোকৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ কঁপাই যোৱাৰ পাছতো গা লৰা নাই ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ। ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত মৰণফান্দ পাতি ৰং চাইছে এটিয়া বিভাগটোৱে।

এইদৰে জনতাক ভয়ংকৰ বিপদলৈ ঠেলি বাহৰ খুটাৰে সংযোগ কৰিছে বিদ্যুতৰ তাঁৰ । ২০০/২৫০ মিটাৰ আতৰত খুটা পুতি দুৰ্বল তাঁৰেৰে ঢকুৱাখনাত বিদ্যুৎ সংযোগ দিছে ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলে। হাতে ঢুকি পোৱাত এইদৰে বিদ্যুতৰ তাঁৰ স্থাপন কৰি জনতাক ঠেলিছে ভয়ংকৰ বিপদলৈ। ইমানেই নহয় হাওলি যোৱা ভঙা খুঁটাৰে বিদ্যুৎ সংযোগ দি মৰণফান্দ পতা বিভাগটোৱে এইদৰে দুৰ্বল তাঁৰেৰে বিদ্যু সংযোগ দিছে। বিভাগক জনালেও নিদিয়ে কানসাৰ । স্থানীয় ৰাইজৰ ক্ষোভ। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close