অসমশীৰ্ষ

 প্ৰেমিকে চোকা অস্ত্ৰ লৈ দিলে মৃত্যুৰ ভাবুকি, প্ৰেমিক লিপ্ত হ’ল ধৰ্ষণত

প্ৰথম খবৰ, জাগুন: তিনিচুকীয়া জিলাৰ লেখাপানীত সংঘটিত হৈছে লোমহৰ্ষক দলৱদ্ধ বলাৎকাৰৰ দৰে জঘন্য ঘটনা । মূল অভিযুক্ত অথাৎ প্ৰেমিক অজয় ছেত্ৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যদিও পলাতক অৱস্থাত আছে দুই সহযোগী। লেখাপানী থানাৰ অন্তৰ্গত (পথাৰ গাঁও) এখন ভিতৰুৱা গাঁৱত এইবাৰ এগৰাকী প্ৰেমিকাক মুখত সোপা আৰু হাতত চোকা অস্ত্ৰ লৈ মৃত্যুৰ ভাবুকি দি দুই সহযোগীৰ সৈতে প্ৰেমিকে চলালে বলাৎকাৰ।

ঘটনাটো সংঘটিত হৈছিল ২৫ আগষ্টৰ নিশা প্ৰায় দুই বজাত। টিপং পানী নতুন গাঁৱৰ নিৱাসী প্ৰেম ছেত্ৰীৰ পুত্ৰ অজয় ছেত্ৰীয়ে বিগত এবছৰ ধৰি ভাল পাই আহিছিল লেখাপানী (পথাৰ গাঁৱ) এইখন গাঁৱৰ এগৰাকী ১৯ বছৰীয়া এগৰাকী যুৱতীক । সেইদিনা মাজ নিশা প্ৰায় দুই বাজিছিল । ৮৭২৩৯২৯৩০৮ নম্বৰৰ পৰা প্ৰেমিকালৈ আহিছিল এটা ফোন কল। কৈছিল প্ৰেমিক অজয়ে , মই লেখাপানী (পথাৰ গাঁৱ)ত থকা শিৱ মন্দিৰটোৰ ওচৰতে আছো তুমি আহা।

সেইমতে মাজ নিশাই  অলপো চিন্তা নকৰাকৈ প্ৰেমিকাও ওলাই গৈছিল । অৱশেষত সেই স্থান নোপোৱাৰ আগতেই পাছফালৰ পৰা তিনিজন যুৱকে প্ৰথমে গাত গৱা মাৰি মাটিত বগৰাই, চিঞঁৰিব নোৱাৰাকৈ মুখত সোপা দি তিনিজন যুৱকে চোচৰাই নিয়ে এটা পৰিত্যক্ত অৱস্থাত থকা বাসগৃহলৈ । তাতেই তিনিও কিশোৰীগৰাকীৰ কাপোৰ কানি ফালি বলাৎকাৰ কৰে আৰু সেই স্থানৰ পৰা তিনিও পলাই পত্ৰং দিয়ে। কিশোৰীগৰাকী কোনোমতেহে নখেৰে আচোৰি আৰু কামোৰি পলাবলৈ সক্ষম হয় । প্ৰমান নোহোৱা কৰিবলৈ হত্যাৰ বাবে বহুদূৰ খেদি লৈ গৈছিল দুবৃত্তই।

ইপিনে, প্ৰেমিকাৰ হাতত থকা ম’বাইলো কাঢ়ি লৈ যায় । আনহাতে প্ৰেমিকাই আৰক্ষী আৰু সাংবাদিকক জানিবলৈ দিয়া মতে মোক অজয়ে এক ষড়যন্ত্ৰ কৰিহে বলাৎকাৰ কৰাৰ কথা স্বীকাৰ কৰে। ইপিনে, ঘটনা উকলি যোৱা আজি প্ৰায় এসপ্তাহ পাৰ হোৱাৰ পাছতহে যুৱতীগৰাকীয়ে পিতৃ- মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যক সকলো কথা কয় । সেই মৰ্মে লেখাপানী থানাত পৰিয়ালৰ লোকে আজি দাখিল কৰে এখন এজাহাৰ । সেই এজাহাৰৰ ভিত্তিত লেখাপানী আৰক্ষীয়ে মূল অভিযুক্ত অজয় ছেত্ৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে 83/2017 নম্বৰ অধীনত থানাত এটা গোচৰো পঞ্জীভূত কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 120(B)/376(D) IPC এটা গোচৰ ৰুজু কৰে । ইপিনে পলাতক অৱস্থাত আছে সহযোগী আন দুজন ।⁠⁠⁠⁠

Related Articles

Leave a Reply

Close