অসমশীৰ্ষৰাষ্ট্ৰীয়

২ অক্টোবৰত পৰ্যটকৰ বাবে খোলা থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, প্ৰথম খবৰ: বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো গান্ধী জয়ন্তীৰ দিনা পৰ্যটকৰ বাবে খোলা থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, উদ্যানখনৰ দুটা অঞ্চল বাগৰি আৰু কঁহৰা দুই অক্টোবৰত খোলা থাকিব। বানপানীৰ সমস্যাৰ বাবে বিগত জুলাই আৰু আগষ্ট মাহত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল উদ্যানখনত থকা জীৱ-জন্তুৰ লগতে কৰ্মকৰ্তাসকলো।

বৰ্তমান পানীৰ সমস্যা কমাৰ বাবে কাজিৰঙা কৰ্তৃপক্ষই পৰ্যটকৰ সুবিধাৰ্থে ক্ষত-বিক্ষত অঞ্চলবোৰ মেৰামতিৰ কাম হাতত লৈছে। অনতিপলমে জীপ চাফাৰিও মুকলি কৰি দিব দেশী-বিদেশী পৰ্যটকসকলৰ বাবে।

 

Related Articles

Leave a Reply

Close