অসম

বৃহত্তৰ হেবেদাৰ উন্নয়ন স্বাৰ্থত অইল বন্ধ কাৰ্যসূচী

পেঙেৰীৰ পৰা সীমান্ত চেতীয়া, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ মাকুমৰ বৃহত্তৰ হেবেদা অঞ্চলত বিগত ২০০০  পৰা অইল ইণ্ডিয়া কোম্পানীয়ে বিভিন্ন ঠাইত বহু বিঘা মাটিত তেলৰ খনন কৰি দৈনিক লাখ লাখ টকাৰ উৎপাদন কৰি আহিছে৷

ইয়াৰ পৰিৱৰ্তে হেবেদা অঞ্চলৰ ৰাস্তা ঘাটৰ লগতে আৰ্থিক দিশত যি দৰে উন্নয়ন কৰিব লাগিছিল যদিও মাত্ৰ কনা হাহক পতান দিয়াৰ দৰে কেৱল মাত্ৰ দুই এটা সৰু সুৰা কাম কৰি ৰাইজক আভুৱা ভাৰি আহিছে৷

আজি বছৰ বছৰৰ ধৰি হেবেদা বাসী ৰাইজে অইলৰ উপৰত আশ্বাস কৰি আহিছিল ৷ কিন্তু আজি পৰ্যন্ত হেবেদা অঞ্চলত কোনো পৰিৱতন নোহোৱা বাবে আজি ক্ষুদ্ধ হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হেবেদা অঞ্চলত অইল বন্ধ কায্যসূচী লোৱা হৈছে ৷ পূৱাৰ ভাগতে স্বতফূত ভাৱে উলাই আহিছে বুঢা মেঠাকে কে ধৰি গাৱৰ মহিলাসকল ৷

Related Articles

Leave a Reply

Close