বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

চলচ্চিত্ৰৰ ৰূপ দিব ৰামৰহিমৰ সকলো কাণ্ডক

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: হাৰিয়ানাৰ পঞ্চকুলাৰ বাবা ৰামৰহিম বৰ্তমান ন্যায়িক জিম্মাত। ২০ বছৰ কাৰাবাস খাতিব লাগিব বাবা ৰামৰহিমে। নাৰী নিৰ্যাতনৰ দোষী বাবাগৰাকী। তথাকথিত পুত্ৰী এগৰাকীও আছে এই বাবাজনৰ। আদালতে ৰামৰহিমক দোষী সাব্যস্ত কৰাৰ পাছতেই অন্তৰ্ধান হয় ৰাম ৰহিমৰ পুত্ৰী হানিপ্ৰীত।

কিন্তু হাৰিয়ানা আৰক্ষীয়ে হানিপ্ৰীত বৰ্তমান নেপালত বাহৰ পাতি আছে বুলি খবৰ পাইছে। হানিপ্ৰীতৰ ওপৰত সকলোৰে সন্দেহ। ৰামৰহিমে নিৰ্মাণ কৰা প্ৰতিখন ছবি অথবা ভিডিঅ’ত অভিনয় কৰে এইগৰাকী যুৱতীয়ে। হানিপ্ৰীতৰ অবৈধ সম্পৰ্ক থকা বুলিও আৰক্ষীয়েও সন্দেহ প্ৰকাশ কৰিছে। এই কথা ফাদিল হ’ব ভৱিষ্যতৰ আইনী প্ৰচেষ্টাত।

বাবা ৰামৰহিমৰ সকলোবোৰ কাণ্ড-কাৰখানাক চলচ্চিত্ৰৰ আকাৰ দিব বিচাৰিছে ছবি নিৰ্দেশক আশুতোষ মিশ্ৰাই। সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, হানিপ্ৰীতৰ চৰিত্ৰত অভিনয় কৰিব ৰাখী চাৱন্তে। অৱশ্যে ৰামৰহিমৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেয়া এতিয়াও জনোৱা হোৱা নাই সংবাদ মাধ্যমক।

Related Articles

Leave a Reply

Close