অসম

চিচিবৰগাঁৱত পথৰ ওপৰত বাগৰিছে পানী, বান পৰিস্থিতি অধিক শোচনীয়

প্ৰথম খবৰ, চিচিবৰগাঁও: নিশাৰ পৰা অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত অন্যান্য পাহাৰীয়া নদীসমূহৰ লগতে বেওৰা নদীয়েও কালৰুপ ধাৰণ কৰি বৃহত্তৰ চিচিবৰগাঁও অঞ্চলৰ প্ৰায় ২৫ খন গাঁও জলমগ্ন কৰি তুলিছে। বানৰ কৱলত ২৫ খন গাঁৱৰ প্ৰায় হাজাৰ হাজাৰ লোক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিছে।

নিজৰ নিজৰ পশু-ধন সমূহ লগত লৈ ওখ ঠাই বিচাৰি আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে। অানহাতে আহাৰ শাওণ মাহত পানীৰ অভাৱত সমস্যাৰ সন্মুখীন হোৱা কৃষক সমাজে পৰৱৰ্তী সময়ত বৰষুণ পাই খেতি পথাৰ সেউজীয়া কৰি তুলিছিল যদিও এতিয়া ৰাইজৰ হাজাৰ হাজাৰ বিঘা শস্যস্থলী বানৰ কৱলত পৰাত কৃষিজীৱি ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে। ইফালে সাচঁতীয়া টকা কেইটাৰে নিজৰ নিজৰ বাৰীৰ পুখুৰীত মেলা মাছ সমূহো পুখুৰীৰ পাৰ পানীৰে উপচি পৰাত বাহিৰলৈ ওলাই যোৱাত মানসিক ভাৱে ভাগি পৰিছে।

ইফালে বৰ্তমান পৰ্যন্ত পানী বাঢ়ি থকাৰ ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । উলেখ্য যে, শেহতীয়াকৈ ভাদৰ মাহত অহা বেওৰা নদীৰ বানে চিচিবৰগাঁও-গড়মৰা, চিচিবৰগাঁও-ভেবেলি , চিচিবৰগাঁও-চুমনি সংযোগী পথৰ ওপৰে পানী বাগৰাৰ ফলত কেবাঠাইতো খহনীয়া হৈ অনিষ্ট সাধন কৰা পৰিলক্ষিত হয় । বিশেষকৈ গড়মৰা সংযোগী পথৰ কৈৱৰ্ত গাঁওস্থিত সদ্য নিৰ্মিত পকী দলংখনৰ এটা মূৰ প্ৰায় অধিক সংখ্যক খহনীয়া লগাৰ লগতে আমগুৰি সংযোগী পথছোৱা বানে খহাই যোগাযোগৰ অসুবিধাৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close