অসম

অপহৃত কিশোৰী উদ্ধাৰ মাজদিয়া আৰক্ষীৰ

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চনেট্টাৰী গাঁৱৰ পৰা অপহৃত হোৱা এগৰাকী ১৩বছৰীয়া কিশোৰীক মাজদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিবলৈ পোৱা মতে ২৯ ছেপ্টেম্বৰত বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাদেশালী পামৰ এগৰাকী কিশোৰীক চতলা গাঁৱৰ পৰা ৰাহুল আলী নামৰ যুৱক এজনে অপহৰণ কৰা বুলি কিশোৰীগৰাকীৰ পিতৃয়ে সৰ্থেবাৰী আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল।

৩৭৮/১৭ নং গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৬৬ (এ)/ ৩৪৩/৩৪ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ৮ অক্টোবৰত এক বিশেষ সূত্ৰৰ পম খেদি মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে চনেট্টাৰীৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অদ্যপি অভিযুক্ত চনেট্টাৰী গাঁৱৰ জয়নাল আলীৰ পুত্ৰ ৰাহুল আলী পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Related Articles

Leave a Reply

Close