অসম

অবাধ দুৰ্ণীতিৰ অভিযোগ কৃষ্ণাই উন্নয়ন খণ্ডত

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডত  অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাটো সংঘটিত হৈছে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত কৰাইতুলিত ৷ কৃষক ৰাইজক সকাহ দিয়াৰ বাবে কৰাইতুলিৰ নৈ পাৰত। দুমাহ পূৰ্বে উন্নয়ন খণ্ডৰ পৰা এটা ডোং বান্ধ নিৰ্মাণ কৰা হৈছিল ৷

কিন্তু  ৰাইজৰ অভিযোগ যে, নিৰ্মাণৰ দুমাহ পিছতে ভাঙি গ’ল কৰাইতুলিৰ ডোং বান্ধ ৷ অভিযোগ মতে, এম জি এনৰেগাৰ অধীনত নিৰ্মাণ কৰা ডোং বান্ধ টো মাটিৰ সলনি সাজিছিল বালিৰে ৷ যাৰ ফলত আহিনৰ বানে তচনচ কৰিলে কৰাইতুলিৰ ডোং বান্ধটো ৷ বান্ধটো ভাঙি যোৱাত অঞ্চলটোৰ খেতি পথাৰত বিস্তৰ ক্ষতি সাধন হয় ৷ অভিযোগ কৰা মতে, শ্ৰমিকৰ সলনি জেচিবিৰে বালি মাটি খান্দি এই বান্ধ বান্ধিছিল৷ ৰাইজে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছে ৷

Related Articles

Leave a Reply

Close