অসম

অসমীয়াৰ পদূলিমুখত কাতি বিহু

ননৈৰ পৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: এতিয়া শেৱালি ফুলাৰ বতৰ। নিলাজী দুৱৰিয়ে নিয়ৰৰ টোপালত স্নান কৰাৰ বতৰ। আহিনৰ আঁৰে আঁৰে মনে মনে আহিছে অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষক সেউজীয়া প্ৰকৃতিৰ কাতি বিহু। অসমীয়াৰ পদুলিমুখত আজি উৰুকাৰ কালিলৈ কাতি বিহু । কৃষিক কেন্দ্ৰ কৰি গঢ়ি উঠা অসমীয়া বাপতি সাহন তিনিটা বিহুৰ ভিতৰত কাতি বিহুতিয় হৈছে পথাৰৰ আৰু মানুহৰ মাজৰ সম্পৰ্ক থকা বিহু। যদিও বহুতে আক্ষেপেৰে কব খোজে কাতি বোলে কঙালী। এই বিহুৰ সময়ত ভঁৰালৰ ধান শেষ হয় আৰ্থিক অনাতনে চাৰিও দিশ আৱৰি ধৰে।

তথাপি যে গাঁৱৰ কেঁচা মাটিৰ সুবাস থকা গঞাই কাতিৰ কঙালী হেন লক্ষ্মী বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো কাতি বিহু উদযাপন প্ৰস্তুতি চলিছে । সেউজীয়া হ’ব ধৰা পথাৰ খনত চাকি বন্তি জ্বলাই শস্য অনিষ্টকাৰী পোক পতংগ চাকৰি পোহৰত নাশ কৰি শস্য দৰা ৰক্ষা কৰিব পাৰিলেহে বছৰ ভঁড়াল ভৰিব। সেয়েহে গাঁৱৰ কৃষক সকল আজিৰে পৰা ব্যস্ত হৈ পৰিছে । ভদীয়া বানে পথাৰ উকা কৰিলেও পৰম্পৰাক হেৰাই যাব দিব বিচৰা নাই গঞাই।

প্ৰথম খবৰ সংবাদকৰ্মী হিচাপে ননৈৰ জলাহ গাঁৱত আজি পুৱাই যেতিয়া আমি উপস্থিত হৈছিলো গৈ তেতিয়া গাঁৱৰ জ্যেষ্ঠ ব্যক্তি সকলৰ মনৰ ভাব আমাক জানিবলৈ দিছিল যে — “” আধুনিকতাৰ কৰাল গ্ৰাসে কাতি বিহুক চানি ধৰিছে । আগৰ দৰে বিহু এতিয়া হৈ থকা নাই । আগতে ঘৰৰ চোতালত তুলসী পুলি ৰুইছিলো কিন্তু আজি কালি এইবোৰ নাই । ঘৰৰ চোতাল এতিয়া পকি হ’ল। মানুহবোৰো ব্যস্ত হ’ল কাৰো আহৰি নোহোৱা হ’ল। বিহু বুলি কলে যি উৎসাহ আজিকালি সেয়া নাই। গাঁও বোৰটো চহৰৰ বতাহ লাগিছে। ” আধুনিক সমাজ ব্যৱস্থাই গা কৰি উঠিলেও পৰম্পৰাৰ ৰক্ষাৰ বাবে আৰু উঠি অহা নতুন প্ৰজন্মক বিহু ৰ বৈশিষ্ট্য দি যাবৰ বাবে আৰু বিহুৰ পৰম্পৰাৰ জীয়াই ৰক্ষাৰ চেষ্টা কৰা দেখা গ’ল ননৈৰ বিভিন্ন প্ৰান্তত।

 

Related Articles

Leave a Reply

Close