অসম

অসমৰ মাটি নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ

নগাঁৱৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাবিত নাগালিমত অসমৰ বৃহৎ পৰিমাণৰ ভূমি অন্তভুক্তি কৰিব বিচৰাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলা সমিতিয়ে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধৰ্মঘটকাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি এন এছ ছি এন (আই এম) ৰ লগত কৰা নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবী জনায়। অৱস্থান ধৰ্মঘট কাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অসমৰ মাটি নাগালেণ্ডক এৰি দিয়া নহ’ব আদি বিভিন্ন প্ৰতিবাদী শ্লগান দি পৰিস্থিতি উত্তাল কৰি তুলে।

ইপিনে নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্ত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। এক বিবৃতিত পৰিষদৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ভুঞা আৰু সাধাৰন সম্পাদক কনক ভৰালীয়ে কেন্দ্ৰীয় চৰকাৰক নাগা ফ্ৰেমৱৰ্ক চুক্তি শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী জনাই। অসমৰ মাটি যাতে কোনো কাৰণতে প্ৰস্তাৱিত নাগালিমৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰে। তাৰ বাবে জাতি- -ভেঁটি -মাটিৰ শ্লোগানেৰে ক্ষমতালৈ অহা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰক বলিষ্ঠ পদক্ষেপ লবলৈ পৰিষদে অাহব্বান জনায়।

এই সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা নল’লে পৰিষদে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিছে। অসমৰ মাটি কোনো কাৰণত নাগালিমক এৰি দিয়া নহব বুলি পৰিষদে স্পষ্ট কৰি দিয়ে। ইপিনে,সদৌ আদিবাসী জাতীয় মহাসংঘই অসমৰ ভূমি প্ৰস্থাবিত নাগালিমৰ অন্তৰ্ভুক্ত কৰাৰ বাবে এন এছ ছি এনৰ লগত চুক্তি স্বাক্ষৰ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংঘৰ ৰাজ্যিক সভাপতি বীৰেন মিৰ্ধাই এক বিবৃতি যোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি কয়, কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ এক পক্ষীয় ভাবে নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম) ৰ লগত গোপনে চুক্তি কৰি অসমৰ ১০ খন জিলাৰ ১লাখ তিনি হাজাৰ হেক্টৰ ভুমি নাগালেণ্ডত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আমি কোনো কাৰণেই মানি নলও বুলি মন্তব্য কৰি বীৰেন মিৰ্ধাই।

নাগা ফ্ৰেমৱৰ্ক চুক্তিখন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। অসমৰ জনমতক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ ভূমি নাগালেন্ডক দিব বিচাৰিলে মহাসংঘই ব্যাপক অন্দোলন গঢ়ি তুলিব বুলি কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি দিয়ে। মহাসংঘই এই স্পৰ্শ কাতৰ বিষয়টোৰ সন্দৰ্ভত শীঘ্ৰে অসম বিধান সভাৰ এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। অসমৰ মাটি যাতে কোনো কাৰণত নগালেণ্ডত অন্তৰ্ভুক্ত নহয় তাৰ বাবে অসমৰ ৰাইজক মাৰ বান্ধি থিয় হবলৈ বিবৃতিটোত সংঘৰ সভাপতি বীৰেন মিৰ্দা আৰু সাধাৰণ সম্পাদক বল্লদেৱে আহ্বান জনাইছে।

 

Related Articles

Leave a Reply

Close