অসম

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি গঠন

প্ৰথম খবৰ, শিৱসাগৰ: আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ অাঞ্চলিক সমিতি অন্তৰ্গতত ভাটি বনগাঁও শাখা সমিতিখন গঠন কৰা হয়। যুৱ ছাত্ৰ নেতা পৰশমনি দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সৰ্ব্ব সন্মতিমৰ্মে স্থানীয় যুৱক পিংকু দাসক সভাপতি, আকাশ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২৭ জনীয়া ভাতি বন গাঁও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখাৰ শক্তিশালী সমিতি গঠন কৰা হয়।

উক্ত সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ শিৱসাগৰ জিলা সমিতি উপসভাপতি প্ৰাঞ্জল শৰ্ম্মা, সাংগঠনিক সম্পাদক বিশ্বজিৎ দাস আৰু ৰূদ্ৰসাগৰ আঞ্চলিকৰ সাধাৰণ সম্পাদকৰ মাধৱ জ্যোতি দাস লগতে সংগঠনটো বহুকেইজন নেতা উপস্থিত থাকি অসম জাতীয়তা বাদী যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্য – উদ্দেশ্য আৰু বৰ্তমান পৰ্যায়ৰত সংগঠনটোৱে কৰা কাম কাজৰ ওপৰত বহুল ব্যাখ্যাৰে ভাষণ প্ৰদান কৰে। সভাখনত অঞ্চলটোৰ প্ৰায় দুইশতাধিক যুৱক- যুৱতীৰৰ লগতে স্থানীয় বহু লোক উপস্থিত আছিল।

Related Articles

Leave a Reply

Close