অসম

অৰুণোদয় জন্মস্থান শিৱসাগৰৰ পৰা প্ৰকাশ পাব ইতিবাচক চিন্তাৰ দ্বি-মাসিক আলোচনী ৰদালিৰ-ছাঁ

গৌৰীসাগৰৰ পৰা প্ৰান্তিক শৰ্মা, প্ৰথম খবৰ: শিৱসাগৰত এচাম অসমৰ নতুন লেখক-লেখিকাই ঐক্যবদ্ধ হৈ আৰ্থ-সামাজিকৰ লগতে কেতবোৰ বিভিন্ন বিষয় সামৰি প্ৰকাশ কৰিবলৈ লৈছে এখনি ইতিবাচক চিন্তাৰ দ্বি-মাসিক আলোচনী ৰদালি ছাঁ। উল্লেখ্য যে ছচিয়েল মিডিয়াৰ যোগেদি বন্ধুত্ব গঢ় লৈ উঠা এচাম লেখক-লেখিকাই ৰদালি ছাঁ নামৰ এটা গোট গঠন কৰি ঐতিহাসিক শিৱসাগৰৰ পৰা ৰদালিৰ ছাঁ নামকৰণেৰে প্ৰকাশ কৰিবলৈ স্থিৰ কৰি কালি শিৱসাগৰ ৰংপুৰজ্যেতি ক্লাৱত সকলো সদস্য একিত্ৰত হয় আৰু ক্লাৱতে অনুষ্ঠিত হয় এখনি সৌহাদ্যপূৰ্ণ বৈঠক, ৰদালিৰ ছাঁ গোটৰ সদস্য নজিউল্লা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মনালিছা বৰগোঁহাই গগৈয়ে।

শিখা ভূঞা হাজৰিকাই আঁত ধৰা সভাত অভিজিত ভূঞা, মন্দিৰা দুৱৰা, মাচুমা মৌচম, মফিদা বেগম, জোনালী দত্ত, আতিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যাৰ ওপৰত আলোচনী কৰাৰ লগতে পৰামৰ্শ আগবঢ়াই সভাত অহা ২৬ নবেম্বৰত শিৱসাগৰত এক অনুষ্ঠানত ৰদালিৰ ছাঁ আলোচনীখন উন্মোচন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ উপিৰও এখন সম্পাদনা সিমিতিও গঠন কৰা হয়। সভাৰ সিদ্ধান্ত অনুসৰি মনালিছা বৰগোঁহাই গগৈক মুখ্য সম্পাদক, চাওচিং ৰাজকুমাৰীক কাৰ্যবাহী সম্পাদক, অভিজিত ভূঞাক সম্পাদক, শিখা ভূঞা হাজৰিকা আৰু মন্দিৰা দুৱৰাক যুটীয়া সম্পাদক, নজিউল্লা হাজৰিকা, জোনালী দত্ত আৰু মফিদা বেগমক সহকাৰী সম্পাদক, আতিকুৰ ৰহমান আৰু মাচুমা মৌচুম বেগমক সমন্বয়ক, পাৰ্থ হাজৰিকা আৰু ৰূপজ্যোতি গগৈক ব্যৱস্থাপক হিচাপে লৈ সম্পাদনা সমিতি গঠন কৰা হয়।

উল্লেখ্য যে, ছচিয়েল মিডিয়াৰ যোগেদি বন্ধুত্ব গঢ়া এইসকল লেখক-লেখিকাসকল গুৱাহাটী, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, গোলাঘাট, লক্ষীমপুৰ, ডিব্ৰুগড়, সোণাৰী আদি অঞ্চলৰ। ৰদালিৰ ছাঁ অালোচনী খনে পাঠক সমাজৰ মাজত অন্য এক সুকীয়া মাত্ৰা দিব বুলি অাশাবাদী ।

Related Articles

Leave a Reply

Close