অসম

আদৰ্শ শিক্ষক যতীন্দ্ৰ নাথ ৰায়ৰ বিয়োগ, শোকস্তব্ধ ডিংডিঙাবাসী

গোসাঁইগাঁৱৰ পৰা ৰুবুল পাঠক, প্ৰথম খবৰ:=কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ডিংঙাৰ সমীপৰ হৰিপুৰ গাঁৱৰ বিশিষ্ট ব্যক্তি, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক যতীন্দ্ৰ নাথ ৰায়ৰ যোৱা দহ অক্টোবৰৰ বিয়লি চাৰি বাজি দহ মিনিটত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। এগৰাকী আদৰ্শবান শিক্ষক হিচাপে অঞ্চলটোত প্ৰতিষ্ঠিত ৰায় হাতীধূৰাস্থিত ১১৭ নং সৰ্পমাৰী জুনিয়ৰ বেছিক্ স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়াই আৰু বিগত ২০০০ বৰ্ষত উক্ত বিদ্যালয়খনৰ পৰাই অৱসৰ গ্ৰহণ কৰে।

ঈৰ্ষনীয় হাতৰ আখৰৰ অধিকাৰী ৰায়ৰ কাৰ্য্যকালত প্ৰতি বছৰেই একাধিক ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ পৰা বৃত্তি পৰীক্ষা দি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছিল। নিয়মানুৱৰ্তিতা, সময়ানুবৰ্তিতা মানি চলা আৰু  ছাত্ৰ-ছাত্ৰীসকলকো সেয়া অনুসৰণ কৰাৰ ক্ষেত্ৰত তেওঁ  বিশেষভাৱে মনোনিবেশ কৰিছিল। সহজ-সৰল, মিষ্টভাষী, অমায়িক, সদাহাস্যময়,  পৰোপকাৰী ৰায় অঞ্চলটোৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠানৰ স’তেও ওত:প্ৰোতভাৱে জড়িত আছিল।

এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে একালত অঞ্চলটোত নাম থকা ৰায়ে বিভিন্ন চৰিত্ৰত ভাল অভিনয়ো কৰিছিল। কিছুমাহ পূৰ্বে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ অকাল আৰু আকস্মিক বিয়োগে তেওঁক মানসিকভাবে বিধ্বস্ত কৰি পেলাইছিল। মাজতে ঘৰতে পিছলি পৰি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ কিছুদিন শয্যাশায়ী হৈ থকাৰ অন্তত পৰলোক গমন কৰা ৰায়ৰ মৃত্যুৰ বতৰা পাই বহু গুণমুগ্ধ তেওঁৰ বাসগৃহত শেষ শ্ৰদ্ধা নিবেদন  কৰিবলৈ তেওঁৰ বাসগৃহত ভীৰ কৰে। আজি পুৱা ন বজাত অগনন লোকৰ উপস্থিতত ৰায়ৰ শেষকৃত্য স্থানীয় ডিংডিঙা শ্মশানত সম্পন্ন কৰা হয়। কনিষ্ঠ পুত্ৰ স্বপন কুমাৰ ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী  কিৰণবালা  ৰায়, দুগৰাকী বোৱাৰী, একমাত্ৰ কন্যা দিপালী ৰায় চৌধুৰী, জোৱাঁই চিদানন্দ চৌধুৰী সমন্বিতে কেবাটিও নাতি-নাতিনী আৰু  অসংখ্য  আত্মীয়-স্বজন এৰি থৈ যোৱা ৰায়ৰ মৃত্যুৰ সময়ত বয়স হৈছিল সাতসত্তৰ বছৰ।

Related Articles

Leave a Reply

Close