বিনোদন

আৱাহন থিয়েটাৰৰ ২০১৭-১৮ বৰ্ষৰ সবাতোকৈ চৰ্চিত নাট

সৌৰভ জ্যোতি গোস্বামী

আৱাহন থিয়েটাৰ, ভ্ৰাম্যমান জগতৰ এটি চৰ্চিত নাম। আৱাহন থিয়েটাৰে এইবছৰ নাৰীক মূখ্যশক্তি হিচাপে লৈ দৰ্শকসকলৰ বাবে আগবঢ়াইছে “মেৰীকম”, “মই মাৰ ছোৱালী” আৰু “সম্ৰাজ্ঞী” এই তিনিখনকৈ নাট। নাটকেইখনত মূখ্য ভূমিকাত অভিনয় কৰিছে অসমীয়া ছবিজগতৰ তথা ভ্ৰাম্যমানৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। যোৱাবছৰ “মা কালি”ৰ পিছত এইবছৰ আৱাহনৰ সবাতোকৈ চৰ্চিত নাট হৈছে “মই মাৰ ছোৱালী”। ইতিমধ্যে গণেশগুৰিত মঞ্চস্থ হোৱা নাটখনত দৰ্শকৰ ব্যাপক ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছিল। আগন্তুক সময়তো ভ্ৰাম্যমান জগতত এই নাটকেইখনে বিভিন্ন ৰেকৰ্ড গঢ়িব বুলি আশা কৰিব পাৰি। নিশ্চয়কৈ এইক্ষেত্ৰত বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য ডাঙৰীয়াকো প্ৰতিবছৰে দৰ্শকসকলক এনে সুন্দৰ নাট উপহাৰ দিয়াৰ বাবে শলাগৰ শৰাই আগবঢ়াব লাগিব।

Related Articles

Leave a Reply

Close