অসমশীৰ্ষ

এজনী কণমাণি আৰু এটি পৰিয়ালৰ বাস্তৱ জীৱন এক কৰুণ কাহিনী

লংকাৰ পৰা হিৰোৎপল শইকীয়া, প্ৰথম খবৰ: মানুহৰ জীৱনটো যে কিমান দুৰ্বিসহ হ’ব পাৰে সেয়া বৰ্তমান অবৰ্ণনীয় হৈ পৰিছে লংকাৰ কাকীৰ এটি দুৰ্ভগীয়া পৰিয়ালটিৰ বাবে। জন্মৰ ঠিক পাঁচ বছৰ বয়সতেই পিতৃহাৰা হোৱা লংকাৰ কাকী দেউৱালীৰ কনমানী পৰিস্মিতাৰ আজিৰ বয়স দহ বছৰ। কাকী আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ অতি মেধাৱী ছাত্ৰী এইগৰাকী পৰিষ্মিতা শইকীয়া।

কিন্তু , হঠাৎ পৰিস্মিতাৰ জীৱনলৈ নামি আহিল কাল অমানিশা |নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস,পখিলা খেদাৰ এই বয়সতেই কণমাণি পৰিস্মিতা আক্ৰান্ত হৈ পৰিল দুৰাৰোগ্য ব্লাড কেন্সাৰ ৰোগত। অতি দৰিদ্ৰ পৰিয়ালৰ বিধৱা মাতৃ কাঞ্চন শইকীয়াই ঘৰ মাটি, ভেঁটি সকলো বন্ধকত দি পোৱা সমুদায় ধন চিকিৎসাৰ নামত খৰচ কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত সুস্থ হৈ নুঠিল পৰিস্মিতা। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ২৪ নং বেডত এতিয়া জীৱন মৃত্যুৰ অন্তিম যুজঁত অৱৰ্তীণ হৈ পৰিছে এই কণমাণি জনী।

এতিয়া মাথো এই দুৰ্ভগীয়া পৰিয়ালটোত দিনে নিশাই কান্দোনৰ ৰোল। জি এম চি এইচত শয্যাগত হৈ থকা নিজ কনমানি জনীৰ ফটো খন বুকুত সাৱটি হিয়া ঢাকুৰি ঢাকুৰি কান্দি উঠিল মাতৃগৰাকীয়ে। সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান “পাৰিলে আপোনালোকে মোৰ ছোৱালী জনীক সহায় কৰি দিয়ক”।

যদি কোনো সুহৃদয়বান লোকে এই দুৰ্ভগীয়া পৰিয়ালটো তথা দূৰ্ভগীয়া এই কণমাণি জনীক সহায় কৰিব বিচাৰে তেনেহলে কণমাণি জনীৰ আত্মীয় ,কনকা শইকীয়াৰ ইউ বি আই বেংকৰ আই এফ এচ চি ক’ড- UTBI0KKIH25 আৰু A/C No- 1365010100770 ত সহায়ৰ হাত আগৱঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে দূৰ্ভগীয়া পৰিয়ালটোৱে। হয়তো, আপোনাৰ মোৰ এধানি সঁহাৰিয়ে কণমাণি পৰিস্মিতাৰ জীৱনলৈ নামি অহা ঘোৰ অমানিশা আঁতৰাই জীৱনটো ৰঙীণ কৰি তুলিব।

Related Articles

Leave a Reply

Close