অসম

ওদালগুৰিৰ ভূটিয়াচাঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিমাকুছিৰপৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ভূটিয়াচাঙত আজি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী কিশোৰৰ মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আনকি উত্তেজিত ৰাইজে বহু সংখ্যক যান বাহনৰ ক্ষতিসাধন কৰাৰ লগতে আৰক্ষীকো দীৰ্ঘসময় ধৰি আৱদ্ধ কৰি ৰাখে।

ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য মতে, আজি পুৱাৰ ভাগত এ এচ২৭চি ১৯৭২ নম্বৰৰ শিলভৰ্তি ডাম্পাৰ খনে ভূটিয়াচাঙৰ ননৈ নদীৰ দলঙত বিপৰীত দিশৰ পৰা চাইকেল চলাই আহি থকা কিশোৰ জনক খুন্দা মাৰে। এই দুৰ্ঘটনাত ভুটিয়াচাং শিমলুগুৰিৰ প্ৰয়াত শুকুৰ আলিৰ পুত্ৰ তফজ্জুল হক (১৪) নামৰ কিশোৰ জন থিতাতে নিহত হয়।

ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাছত পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়। উত্তেজিত ৰাইজে আৰক্ষীৰ লগত খণ্ডযুদ্ধত লিপ্ত হয়। আনকি চালক জনক ৰাইজৰ হাতত গতাই দিয়াৰ দাৱীত উত্তেজিত লোকসকলে দীৰ্ঘসময় ধৰি আৰক্ষী বিষয়া চোহৰাব আলীক আৱদ্ধ কৰি ৰাখে।

সম্প্ৰতি বহু গাড়ী মালিকে লাভৰ আশাত সকলো নীতি নিয়ম জ্বলাজলি দি কম বয়সীয়া অনুজ্ঞা পত্ৰহীন যুৱকসকলক চালক হিচাপে নিয়োগ কৰাৰ ফলতে দ্ৰুত হাৰত এনে ঘটনা বৃদ্ধি পাৱলৈ ধৰিছে।

Related Articles

Leave a Reply

Close