অসম

কমাৰগাঁৱত ” আজি এখন্তেক আহিব কমাৰগাঁৱলৈ “শীৰ্ষক কাব্যনুষ্ঠান আয়োজন

প্ৰথম খবৰ, খুমটাই: ‘আজি এখন্তেক আহিব কমাৰগাঁওলৈ’  ক্ষন্তেক সময়ৰ বাবে কমাৰগাঁও তিনিআলিত নামি কৃষ্ণচুড়া ছাঁত জিৰণি লৈ প্ৰাণ কৰিবহি সৌন্দৰ্য, শপত পাহৰি যাব আপোনাৰ ঠিকনা। নচিন্তাৰে, ন-লক্ষ্যৰে পোন প্ৰথমবাৰৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ কমাৰগাঁৱত “আজি এখন্তেক আহিব কমাৰগাওঁলৈ” শীৰ্ষক এটি কাব্যনুষ্ঠান অহা ২৯ অক্টোবৰ ২০১৭ খ্ৰীষ্টাব্দ দেওবাৰে দিনৰ ১১ বজাৰ পৰা কমাৰগাঁৱত আয়োজন কৰিছে । অনুষ্ঠানটিত জনপ্ৰিয় কবি মৃদুল কুমাৰ ভূঞা, অংশুমান ভূঞাৰ লগতে শতাধিক জনপ্ৰিয় তথা নবপ্ৰজন্মৰ কবিয়ে অংশগ্ৰহণ কৰিব বুলি আহ্বায়ক মণ্ডলীয়ে জানিবলৈ দিছে । তদুপলক্ষে কাব্য প্ৰেমীৰ উপস্থিত আন্তৰিকতাৰে কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে ।

Related Articles

Leave a Reply

Close