কবিতা

কলিজাৰ দাগ

অৰুণ বৰুৱা

নিসংগতাই
বাট ভেটি ধৰা সন্ধিয়াত
বিষাদৰ বতৰা লৈ
সোমাই আহিছে কলিজালৈ
এজাক ধূসৰিত জোনাক
বুকুত বাজিছে তানপুৰা….

এনেয়ে ভাগৰুৱা
দুখৰ বোজা বৈ
আৰু যন্ত্রনা নিদিবি মোক
তই অভিমানী হৈ
তোৰ আঁচলেৰে ভেটিব
নোৱাৰ যদি মোৰ আশাহত ঠিকনা
প্ৰতিশ্ৰুতিৰ মিথ্যাচাৰ মিছাতে
নানিবি দুচকুলে’……

হেৰাই গ’লেই যেনিবা দিগবলয়ত
মোৰ সপোনৰ ফাল্গুধাৰা
উৱলি গ’লেই যেনিবা
অনুপ্ৰেৰণাৰ আকাশ
তাতেনো কি যায় তোৰ…..

নাহিবি কেতিয়াও
অনাকাংক্ষিতভাৱে
ছিঙি যাব খোজে যদি
বিশ্বাসৰ দুহাত……

আহিবি
পাৰ যদিহে মচিব
মোৰ কলিজাত থকা
বিষাদৰ দাগ…

Related Articles

Leave a Reply

Close