অসম

কালিকা লাগিছে বৰপেটা মেডিকেল কলেজ হাস্পতালত

 বৰপেটাৰ পৰা প্ৰথম খবৰ: কালিকা লাগিছে বৰপেটা মেডিকেল কলেজ হাস্পতালত। এইবাৰ SNCU কক্ষত ঘটিল অগ্নিকাণ্ডৰ ঘটনা ৷ হাস্পতালখনৰ প্ৰথম মহলাতে SNCU কক্ষ ৷ অগ্নিকাণ্ডৰ সময়ত কক্ষটোত আছিল প্ৰায় ১৬টি নৱজাতক ৷ সৌভাগ্যক্ৰমে SNCU কক্ষৰ সকলো নৱজাতক সুৰক্ষিত ৷ প্ৰাথমিক অনুসন্ধানত ৱাল ফেনত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনাৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে৷ অগ্নিকাণ্ডৰ ফলত ধোঁৱাময় হৈ পৰে সমগ্ৰ কক্ষটো ৷ ঘটনাৰ লগে লগে নৱজাতকসকলক তৃতীয় মহলাত থকা আনটো ICUলৈ স্থানান্তৰ কৰা হয় ৷

Related Articles

Leave a Reply

Close