অসম

কিঞ্চিতৰ ষষ্ঠ বার্ষিক অনুষ্ঠানৰ সম্পন্ন

প্ৰথম খবৰ, বৰপেটাৰোড: আন্তর্জাতিক সাহিত্য-সাংস্কৃতিক গোষ্ঠী “কিঞ্চিত’’ৰ ষষ্ঠ বার্ষিক অনুষ্ঠান আজি বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হ’য়। কিঞ্চিতৰ মুখ্য সম্পাদক ডা : মানিকলাল ভৌমিকে আঁত ধৰা এই অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিলৈ ‘কিঞ্চিত বঁটা -২০১৭’’ আগবঢ়োৱাৰ হয়। সেই অনুসৰি সমাজ সংস্কাৰৰ বাবে বিৰুবালা ৰাভাক, সাংস্কৃতিক ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে বিহু সুৰক্ষা সমিতি, অসমৰ সম্পাদক তথা বৰপেটাৰােড নিবাসী সুনীল দাসক আৰু সাহিত্য ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে গুৱাহাটী নিবাসী জ্যোতিষ কুমাৰ দেৱক কিঞ্চিত বটা প্ৰদান কৰা হয়।

বার্ষিক অনুষ্ঠানত কিঞ্চিত বহুভাষিক সাহিত্য পত্ৰিকাখনি উন্মোচন কৰা হয়। তদুপৰি অৰ্থনৈতিক ভাৱে দুৰ্বল মহিলা সকলৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয়।

Related Articles

Leave a Reply

Close