অসম

কুমাৰীকাটাত পথ দুৰ্ঘটনাত এজন নিহত

প্ৰথম খবৰ, নলবাৰী: আজি বাক্সা জিলাৰ কুমাৰীকাটা ঢেকিয়াবস্তীত অবৈধভাৱে শিল কঢ়িওৱা ট্ৰেক্টৰৰ খুণ্ডাত মনোজ গিৰি (২০) নামৰ এজন যুৱক নিহত হয় ৷ জানিব পৰা মতে বাকচা জিলাৰ নয়াবস্তীৰ মনোজ গিৰি তেওৰ বন্ধু শ্যাম গিৰিৰ লগত As01M -6569 নম্বৰৰ বাইক এখনেৰে কুমাৰীকাটা-জালাহ পথেৰে নিজৰ ঘৰৰ পৰা তামুলপুৰ মহকুমাৰ ভোলাঝাৰলৈ আহি আছিল ৷

কুমাৰীকাটাৰ সমীপৰ ঢেকিয়াবস্তীত শিল-বালিমহলৰ পৰা শিল কঢ়িয়াই অনা এখন তীব্ৰবেগী ট্ৰেক্টৰে (AS28C-3739 ) পিচফালৰ পৰা খুণ্ডা মৰাত বাইক আৰোহী মনোজ আৰু শ্যাম বাইকৰ পৰা চিটিকি পৰে। মুৰত গুৰুতৰভাৱে আঘাট পোৱা মনোজৰ পিচত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত মৃত্যু ঘটে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় কিছুলোক উত্তেজিত হৈ পৰে আৰু ট্ৰেক্টৰখনত অগ্নি সংযোগ কৰে। ইয়াকে লৈ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডা হয়।

স্থানীয় ৰাইজে অভিযোগ কৰামতে, কুমাৰীকাটাৰ কালা নদী আৰু দৰংগা নদীত থকা কেইবাটাও শিল-বালিৰ মহলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ চকু সন্মুখেদি কিছু অসাধু লোকে অবৈধভাৱে ট্ৰেক্টৰেৰে শিল বালি নিতৌ কঢ়িয়াই আছে৷ আনহাতে এনেদৰে শিলবাৰী কঢ়িওৱা তীব্ৰবেগী ট্ৰেক্টৰৰ অতপালিৰ বাবে বহু কেইটা দূৰ্ঘটনা সংঘটিত হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, পথচাৰী আহত হ’ব লগা হৈছে। স্থানীয় ৰাইজে প্ৰশাসনক অতি শীঘ্ৰে অবৈধভাৱে শিলবালী কঢ়িওৱা ট্ৰেক্টৰৰ লগতে আন যান-বাহনসমূহ বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close