অসমশীৰ্ষ

খুমটাইত প্ৰকৃতিৰ সন্মুখত উপায়হীন কৃষক, লক্ষ্মীপূজা দিনা পথাৰত লখিমী নেদেখি চকুলো টুকিছে কৃষকে 

প্ৰথম খবৰ, খুমটাই: লক্ষ্মী পূজা দিনা লখিমীক আদৰিবলৈ গৈ পথাৰত লখিমী নেদেখি চকুলো টুকিছে খুমটাই মৌজাৰ ঠেঙাল গাঁও গেলেকীয়ালৰ কৃষকসকল। বহু কষ্টৰে দুবেলা দুমুঠি যোগাৰ কৰাৰ নিমিত্তে পৰিয়াল পোহ-পাল দিবলৈ গাঁঠিৰ ধন ভাঙি হাড় ভঙা শ্ৰম বিনিময়ত উৎপাদন কৰা শালি ধানৰ খেতিত বৰ্তমান সময়ত সঁজাল ধৰা পথাৰখনত জাক জাক অচিন পোকে এফালৰ পৰা তহিলং কৰি অহাত স্বাভাৱিকতে প্ৰকৃতিৰ সন্মুখত উপায়হীন হৈ পৰিছে কৃষকসকল।

কৃষি বিশেষজ্ঞ খেতি পথাৰলৈ গৈ পৰামৰ্শ নিদিয়াৰ ফলতে কৃষকে গম নোপোৱাকৈয়ে এফালৰ পৰা ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পৰিছে অচিন পোক।
দুখে কুলাই পাচিয়ে নধৰা কৃষিজীৱী ৰাইজৰ হেপাঁহৰ জীৱিকাৰ প্ৰধান উৎস ধান খেতিডৰাৰ ৰক্ষণাবেক্ষন দিব নোৱাৰি মূৰে কপাঁলে হাত দিছে গাঁওখনৰ কৃষকসকলে।

Related Articles

Leave a Reply

Close