অসম

খোলাবান্ধা নৈ পৰীয়া চৰাঞ্চল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্ম মৃত্যু পঞ্জীয়ন নথকাত ৰাইজৰ হাহাকাৰ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰৰ চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলৰ এক মাত্ৰ চিকিৎসা সেৱা কেন্দ্ৰ খোলাবান্ধা নৈ-পৰীয়া চৰাঞ্চল প্ৰাথমকি স্বাস্থ্য কেন্দ্ৰ। খোলাবান্ধা, মৈৰাদিয়া¸চাংবান্ধা, আদুৰিপাৰা¸পাঠিমাৰী আদি বৃহত্তৰ গাঁওসমূহৰ  ৰাইজে চিকিৎসালয়খনৰ পৰা নাম মাত্ৰ চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে যদিওঁ চিকিৎসালয়খনত নাই পৰ্যাপ্ত সুবিধা। নাই কোনো এজন জি এন এম-এ এন এম নাৰ্চ আৰু লেব’টৰী টেকনেচিয়ান যাৰ বাবে অঞ্চলটোৰ ৰাইজে চিকিৎসাৰ নামত ভূগিছে যমৰ-যাতনা।

তদুপৰি চিকিৎসালয়খনত অতিকৈ গুৰুত্বপূৰ্ণ জন্ম-মৃত্যু গোট নথকাৰ বাবে এই বৃহত্তৰ অঞ্চলৰ প্ৰায় বাৰ হাজাৰ জনসাধাৰণে বিভিন্ন সময়ত কল্পনাতীত হাৰাশাস্তি সন্মুখীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসালয়খন স্থাপিত হোৱাৰে পৰা জন্ম-মৃত্যু পঞ্জীয়নৰ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ বাবে যি সমস্যাৰ সন্মুখীন হৈছে তাৰ প্ৰতি লক্ষ্য কৰি অতি সোনকালে চিকিৎসালয়খনত জন্ম-মৃত্যু পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বাবে বৰপেটা জিলা স্বাস্থ্য সঞ্চালকৰ ওচৰত  বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে।

Related Articles

Leave a Reply

Close