অসম

গুৱাহাটী বিশ্ববিদ্যালয়ে জলা কলা খোৱাইছে ছাত্ৰ ছাত্ৰীক

ননৈৰ পৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম , তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। কিয়নো এইবাৰ পৰীক্ষাৰ প্ৰ-পত্ৰ অনলাইন যোগে পূৰণৰ নিৰ্দেশ দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে। সেই অনুসৰি বিশ্ববিদ্যালয়ৰ ৱেবচাইট www. guexamform.com যোগেদি ২৪ অক্টোবৰ ভিতৰত প্ৰ-পত্র পূৰণৰ শেষ ধাৰ্য কৰিছে যদিও মহাবিদ্যালয়ৰ সমূহে ২০/২২ অক্টোবৰ ভিতৰত প্ৰ-পত্র পূৰণ কৰি বেংকৰ চালান আৰু এপ্লিকেশ্যন আই ডি জমা দিবলৈ নিৰ্দেশ দিছে।

অৱশ্যে সেইখিনি লৈকে সকলো ঠিকে আছিল। পিছে কেনা লাগিল প্ৰ-পত্র পূৰণৰ সময়ত। কিয়নো এটা ৱেব চাইড হোৱাৰ বাবে চাৰভাৰ ডাউন হৈ থকাত বহু ছাত্ৰ-ছাত্ৰীয়ে আজি পাঁচ দিন ধৰি প্ৰ পত্র পূৰণ কৰিব পৰা নাই। আনহাতে বহু ছাত্ৰ-ছাত্ৰী নিশায়ে আহি নেট ক্ৰেফে সমূহত লাইন পাতি থাকিব লগা হৈছে। এই খিনিতে প্ৰশ্ন হয় এইয়া নেকি ডিজিটেল ইণ্ডিয়া ? চাৰভাৰ বিজুতি, প্ৰ-পত্র পূৰণত দেখা দিয়া সমস্যাসমূহে ডিজিটেল ইণ্ডিয়া সপোন পূৰণ কৰিব পাৰিব নে?

 

Related Articles

Leave a Reply

Close