অসম

গোলকগঞ্জত জুৱাৰ বিৰুদ্ধে অভিযান

প্ৰথম খবৰ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত কালী পূজাৰ সুযোগ লৈ বিভিন্ন স্থানত চলি থকা অবৈধ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। জানিব পৰা মতে, গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত দেৱদেৱী, উত্তৰ টোকেৰেৰছৰা, উচিতাৰ পাৰ, জেউৰি মাৰিকে ধৰি বিভিন্ন অঞ্চলৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা জুৱাৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলাই জুৱাৰ ঘাটি উচ্ছেদ কৰে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত আৰক্ষী এটা বৃহৎ দলে। এই অভিযান গোটেই নিশা চলি থাকিব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close