অসম

গোলাঘাটত ছাত্ৰ মুক্তিৰ জোঁৰ সমদল

প্ৰথম খবৰ, গোলাঘাট: গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি নগৰৰ মাজ মজিয়াত নগা শান্তি চুক্তি ৰাজহুৱা কৰাৰ দাবীত জোঁৰ সমদল বাহিৰ কৰে। কেন্দ্ৰীয় চৰকাৰৰ লগত নগা উগ্ৰবাদী সংগঠনৰ সৈতে হোৱা ফ্ৰেমৱক চুক্তি ৰাজহুৱা কৰাৰ দাবীত ছাত্ৰ মুক্তিৰ দুই শতাধিক নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি সংগঠনটোৱে কয় যে, জাতি-মাটি-ভেঁটি ৰক্ষা কৰা অসম চৰকাৰখনে এতিয়া নিজৰ গাদী ৰক্ষাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ কথা মতেই অসমৰ ভূমি গটাই দিবলৈ ওলাইছে সোণোৱাল চৰকাৰে।

অসমৰ ভৌগোলিক পৰিসীমা তচনচ কৰি দিয়া এই চুক্তি কোনো কাৰণত মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰি কয় যে প্ৰয়োজন সাপেক্ষে অসমৰ ভৌগোলিক পৰিসীমা ৰক্ষাৰ স্বাৰ্থত কোনো কথাই আপোচ কৰা নহ’ব। প্ৰয়োজনত এই প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিব বুলিও চৰকাৰক স্পষ্ট কৰি দিয়ে।

Related Articles

Leave a Reply

Close