অসম

গোসাঁইগাঁৱত আমছু’ৰ বিশাল প্ৰতিবাদী জনসভা

প্ৰথম খবৰ, গোসাঁইগাঁও: ডি’ ভোটাৰৰ নামত খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু ৰাইজক হাৰাশাস্তি বন্ধ কৰা, ডি’ ভোটাৰ শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰা, ২০১২ৰ বিটিএডি’ত গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্থ শৰণাৰ্থী সকলক পূৰ্ণ পৰ্য্যায়ৰ ক্ষতি পূৰণ প্ৰদান কৰাৰ দাবীত আজি দুপৰীয়া এক বজাৰ পৰা গোসাঁইগাঁৱৰ চৌতাৰা ঘোৰামাৰা খেল পথাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠন চমুকৈ আমছু’ৰ উদ্যোগত এক বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত হৈ যায়। কোকৰাঝাৰ জিলা আমছু’ৰ উদ্যোগত তথা ভাওঁৰাগুৰী, তুলসীবিল আৰু চিথিলা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিবাদী জনসভাত আমন্ত্ৰিত অতিথি হিচাপে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তণ সম্পাদক তথা সমাজ কৰ্মী কমল কুমাৰ মেধী উপস্থিত থাকি আগবঢ়োৱা নিজৰ ভাষণত হিন্দু মুছলমানক বিভাজিত কৰি এটা দুষ্ট চক্ৰই ৰাজনৈতিৰ এক অসৎ ব্যৱসায় কৰি অহা বুলি উদ্বেগ প্ৰকাশ কৰে।

সাম্প্ৰতিক সময়ত অসমত বি জে পি আৰু আৰ এছ এছে হিন্দুত্বৰ নামত সমাজত বিভাজনৰ বীজ ৰোপন কৰাৰ যি ৰাজনৈতিক অভিসন্ধি কৰিছে তাক কোনো দিনে সফল হ’ব দিয়া নহ’ব বুলি হুংকাৰ দিয়ে মেধীয়ে৷ মেধীয়ে নিজৰ ভাষণত ধৰ্মীয় সংখ্যালঘু হক বা হিন্দু হক, কোনো এজন অবৈধ বাংলাদেশীক স্থান দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ কোকৰাঝাৰ জিলা আমছু’ৰ সভাপতি আনৱাৰ হুছেইনৰ পৌৰহিত্যত অনুষ্ঠিত জনসভাত মূখ্য অতিথি হিচাপে আমছু’ৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমান উপস্থিত থাকে৷ ৰহমানে ডি’ ভোটাৰৰ নামত নিৰিহ ৰাইজৰ ওপৰত চলি অহা হাৰাশাস্তি বন্ধ নকৰিলে সমাগত দিনত এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে৷

অহা ২৭ অক্টোবৰত ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে পদযাত্ৰা কৰি পঞ্চাচ লাখ ধৰ্মীয় সংখ্যালঘু ৰাইজ দিছপুৰত উপস্থিত হৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ভাৰতীয় নাগৰিক হৈয়ো বাৰম্বাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক বাংলাদেশী অপবাদ জাপি দিয়া চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ অহিংসা আন্দোলন কাৰ্যসূচী বুলি প্ৰকাশ কৰি এই প্ৰতিবাদী কাৰ্যসূচীত যাতে কোনো ধৰণৰ হিংসাৰ আশ্ৰয় নলয় তাৰ বাবে ৰাইজ তথা আমছু’ কৰ্মী সমৰ্থক সকলক আহ্বান জনায়৷ প্ৰায় দহ হেজাৰোধীক প্ৰতিবাদী জনতাই অংশ গ্ৰহণ কৰা জনসভাত আমছু’ৰ কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগত সকলো আঞ্চলিক সমিতৰ নেতা কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close