অসম

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত গাৰো জনগোষ্ঠী লোকৰ অভিনৱ পদক্ষেপ, জাৰিকুন্তী গাঁৱৰ ৰাইজে নিষিদ্ধ কৰিলে মদ

কৃষ্ণাইৰপৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: যি সময়ত ৰাজ্য চৰকাৰে গাঁৱে-ভূঞে দেশীয় সুৰাৰ প্লাৱন নমাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে তেনে সময়তে গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত ইখনৰ পিছত সিখন গাঁৱৰ ৰাইজে নিষিদ্ধ কৰিছে মদ ৷ সুৰাপানত অভ্যস্ত লোক সকলেও স্বতঃস্ফুতভাৱে ত্যাগ কৰিবলৈ লৈছে মদ্যপান ৷ আচলতে সুৰা সেৱনে নিজৰ জীৱনৰ লগতে পৰিয়াল এটালৈ কেনেদৰে ধুমুহা নমাই আনে সেই সন্দৰ্ভত একাধিক চাক্ষুস অভিজ্ঞতাৰ সাক্ষী সীমান্তবাসী ৰাইজে ইতিমধ্যে গ্ৰহণ কৰিছে মদ বৰ্জনৰ সিদ্ধান্ত৷ সেই সিদ্ধান্ত অনুসৰিয়ে ৰাইজে ক্ৰমান্বয়ে ত্যাগ কৰিবলৈ লৈছে মদ খোৱাৰ কু-অভ্যাস৷

সম্প্ৰতি গাঁৱত কোনোবাই মদ খালেও দিব লাগে পাঁচশ টকাৰ জৰিমনা৷ জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত জাৰিকুন্তী গাঁৱৰ লোক সকলেও গ্ৰহণ কৰিলে এনে কঠোৰ সিদ্ধান্ত৷ গাঁওখনত এতিয়া কোনেও খাব নোৱাৰে মদ আৰু যদি কোনোবাই খায়ো তেন্তে দিব লাগিব পাঁচশ টকাৰ জৰিমনা ৷ জাৰিকুন্তী গাঁৱৰ লগতে বিভিন্ন খ্ৰীষ্টান ধৰ্মাবলম্বী গাৰো গাঁৱৰ হোজা লোকসকলৰ এই সিদ্ধান্তই সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ৷ চৰকাৰী মদ প্ৰচলনী সিদ্ধান্তৰ বিপৰীতে জাৰিকুন্তীৰ বাসিন্দাৰ দৰে গাৰো জনগোষ্ঠী গাঁৱৰ লোকৰ এই সিদ্ধান্ত নিশ্চয় শলাগ ল’বলগীয়া।

Related Articles

Leave a Reply

Close