অসম

গোৱালপাৰাৰ বানাক্ৰান্ত অঞ্চলত নাই দীপাৱলীৰ উচাহ

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, প্ৰথম খবৰ: বানে ধোৱা গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দীপাৱলী আৰু কাতি বিহুৰ নাই কোনো উছাহ ৷
উৎসৱ -পাৰ্বনৰ কোনো আনন্দই স্পৰ্শ কৰিব পৰা নাই এই অঞ্চলত বসবাস কৰা সহস্ৰ জনতাক। তেনে এখন গাঁও গাৰোমাৰা। আহিনৰ বানে তচনচ কৰি থৈ যোৱা এই গাঁওখনলৈ এতিয়াও ঘুৰি অহা নাই স্বাভাৱিক পৰিৱেশ৷
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাৰ গাৰোমাৰাত অদ্যপি এক হাহাকাৰ পৰিস্থিতি৷ নাই বাট-পথ, নাই দলং ৷ বহুতে এতিয়াও পুৰ্ণনিৰ্মান কৰিব পৰা নাই আহিনৰ বানে তচনচ কৰি থৈ যোৱা আপোন ঘৰখন ৷
তাৰ মাজতে আহিছে পোহৰৰ উৎসৱ দীপাৱলী আৰু কাতি বিহু ৷
উৎসৱ পাৰ্বনৰ আনন্দয়ে চুব পৰা পৰিৱেশ নাই গাৰোমাৰীত ৷ উদং খেতি পথাৰ ৷ নাই ওলাই যাব পৰা কোনো বাট-পথ ৷
পৰিতাপৰ বিষয় যে এই দুৰ্গত সকলোৰ সহায়ৰ বাবে এতিয়াও আগবাঢ়ি অহা নাই চৰকাৰ প্ৰশাসন। এক পৰিত্যক্ত জগতৰ বাসিন্দাৰ দৰে দিন পাৰ কৰা এই সকল লোকৰ খবৰ ল’বলৈ চৰকাৰ তথা জন প্ৰতিনিধি সকলৰ আহৰি হ’বনে ?

 

Related Articles

Leave a Reply

Close